শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
Assam Panchayat Election: পঞ্চায়ত নিৰ্বাচনত টিকটক লৈ কংগ্ৰেছত বিবাদ, চাওক দিনটোৰ শীৰ্ষ খবৰ

Assam Panchayat Election: পঞ্চায়ত নিৰ্বাচনত টিকটক লৈ কংগ্ৰেছত বিবাদ, চাওক দিনটোৰ শীৰ্ষ খবৰ

Trishna Kalita
Trishna Kalita | Published: 12 Apr 2025 19:49 PM

ৱাকফ সংশোধনী আইনৰ প্ৰতিবাদক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ পোষ্ট। ৱাকফ আইনক লৈ মুছলমানে কৰা প্ৰতিবাদক লৈ তাৎপৰ্যপূ্ৰ্ণ মন্তব্য আগবঢ়াই মুখ্যমন্ত্ৰীগৰাকীয়ে। চাও আহক দিনটো আন কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। 

পঞ্চায়ত নিৰ্বাচন কেন্দ্ৰ কৰি ঠায়ে ঠায়ে চলিছে টিকট কেন্দ্ৰিক সংঘাত। কংগ্ৰেছৰ অন্তঃকন্দলক কটাক্ষ মন্ত্ৰী পীযূষ হাজৰিকাই কয়, ‘ধন লৈ টিকট দিয়াতো কংগ্ৰেছৰ পুৰণি পৰম্পৰা’ ‘ধনৰ বিনিময়ত কংগ্রেছে প্রার্থিত্ব দিছে’ । জাগীৰোডৰ ঘুনুচা হাবীগাঁৱত ভয়ংকৰ ঘটনা।  ১০ টকা খোজা বাবেই এজন শ্ৰমিকক উপৰ্যুপৰি আক্ৰমণ। তাৰ পিছত শেষ নিশ্বাস ত্যাগ কৰিলে শ্ৰমিকজনে। অভিযুক্ত কুন্দল দেউৰীক গ্ৰেপ্তাৰ কৰি উচিত শাস্তি প্ৰদানৰ দাবী ভুক্তভোগী ৰাজু হৰিজনৰ পৰিয়ালৰ।  তেজপুৰত বিহু চান্দাৰ নামত গুণ্ডাগিৰি। ২০০০ টকা নিদিয়াৰ বাবে ঘপিয়াই হত্যাৰ চেষ্টা মাংস বেপাৰীক । সহকাৰী আয়ুক্তকো প্ৰহাৰ উদণ্ড যুৱকৰ। পাপু কলিতা নামৰ যুৱকজনে মাংস বেপাৰীক গুৰুলাগুৰুলকৈ প্ৰহাৰ কৰাৰ লগতে দাৰে ঘপিয়াই হত্যা চেষ্টা চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে।