পলকতে চাওক দিনটোৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ
বৰ্তমান পাথাৰকান্দি আৰক্ষী থানালৈ লৈ যোৱা হৈছে আচাৰ্য মহবুবুল হকক। মাজ নিশা গুৱাহাটীৰ ঘোঁৰামাৰাৰ পৰা মহানগৰ আৰক্ষী, STF ৰ সহযোগত শ্ৰীভূমি আৰক্ষীয়ে আটক কৰে আচাৰ্যজনক।
গ্ৰেপ্তাৰ কৰা হৈছে USTM ৰ আচাৰ্য মহবুবুল হকক। শেহতীয়াকৈ মহবুবুল হকৰ গ্ৰেপ্তাৰৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, “অসমত বহু দিনৰ পৰা এটা ডাঙৰ চক্ৰক লক্ষ্য কৰি থকা হৈছিল । এই চক্ৰটোৱে মেডিকেল, ইঞ্জিনিয়াৰিং আৰু CBSE ৰ পৰীক্ষাৰ আগত ছাত্ৰ-ছাত্ৰীসকলৰ চেণ্টাৰ সলনি কৰে । ইয়াৰ পাছত কিছুমান নিদিষ্ট স্কুললৈ লৈ যোৱা হয় । গোৱালপাৰা, নগাঁও আৰু কামৰূপ জিলাৰ ২৪৭ গৰাকী শিক্ষাৰ্থীক CBSE ৰ পৰীক্ষাত ৩০ নম্বৰতকৈ অধিক নম্বৰ দিয়াৰ প্ৰতিশ্ৰুতি দি বৰাক উপত্যকাৰ পাথাৰকান্দিলৈ লৈ যোৱা হৈছিল । যেতিয়া তেওঁলোকে সেই ঠাইত সুবিধা নাপালে আৰু শিক্ষাৰ্থীসকলে হুলস্থুল কৰা পাছত এতিয়া লাহে লাহে চক্ৰটো পোহৰলৈ আহিছে ।”
Latest Videos
অৰাজনৈতিক ‘পুতুল’ কিদৰে হৈ পৰিল বাংলাদেশৰ ৰাজনৈতিক ইতিহাসৰ অধ্যায়
ওছমান হাদীৰ হন্তাৰ প্ৰসঙ্গত বাংলাদেশৰ আজৱ দাবী, ভাৰতৰ প্ৰত্যুত্তৰ
অমিত শ্বাহৰ অসম ভ্ৰমণৰ পৰা কাশ্মীৰত কূটাঘাতৰ আশংকালৈ শীৰ্ষ খবৰ
আচৰিত দৃশ্য! গৰম মৰুভূমিত তুষাৰপাতে গঢ়িলে অভিলেখ...
