শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
Assam News: দিনটোৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ

Assam News: দিনটোৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ

Barasha Misra
Barasha Misra | Published: 30 Mar 2025 23:56 PM

কাইলৈ বিয়লি ৩ বজাত অন্ত পৰিব নিৰ্বাচনী প্ৰচাৰ। নিৰ্বাচনত ৩৩ টা সমষ্টিত মুঠ ৯৬ গৰাকী প্রার্থীয়ে প্রতিদ্বন্দ্বিতাত অৱতীৰ্ণ হ’ব। অহা ৪ এপ্ৰিলত নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ’ব।

২ এপ্ৰিলত ৰাভা হাছং স্বায়ত্ত্বশাসিত পৰিষদৰ নিৰ্বাচন। পুৱা ৭ বজাৰ পৰা বিয়লি ৩ বজালৈ ভোটগ্রহণ হ’ব। বিজেপিৰ লক্ষ্য ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ আটাইকেইখন আসন। কাইলৈ বিয়লি ৩ বজাত অন্ত পৰিব নিৰ্বাচনী প্ৰচাৰ। নিৰ্বাচনত ৩৩ টা সমষ্টিত মুঠ ৯৬ গৰাকী প্রার্থীয়ে প্রতিদ্বন্দ্বিতাত অৱতীৰ্ণ হ’ব। অহা ৪ এপ্ৰিলত নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ’ব।

তথ্যনুসৰি, নির্বাচন হ’বলগীয়া দুখন জিলা কামৰূপ আৰু গোৱালপাৰাৰ ৩৬টা সমষ্টিৰ বাবে মুঠ ১০৭ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছিল। পৰিষদৰ অন্তৰ্গত গোৱালপাৰা জিলাৰ ২০টা সমষ্টিৰ বাবে মুঠ ৫৫ গৰাকী আৰু কামৰূপ জিলাৰ ১৬টা সমষ্টিৰ বাবে ৫২ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছিল।

লগতে চাওক দেশ-বিদেশৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ।