শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
Assam News: পলকতে চাওক আজিৰ দিনটোৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ

Assam News: পলকতে চাওক আজিৰ দিনটোৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ

Barasha Misra
Barasha Misra | Published: 14 Mar 2025 21:33 PM

হোলী উপলক্ষে কাইলৈ স্থানীয় বন্ধ ঘোষণা। নগাঁও, মৰিগাঁও,বিশ্বনাথ, ওদালগুৰি, বৰপেটা, যোৰহাটকে আদি কৰি কেইবাখনো জিলাত স্থানীয় বন্ধ ঘোষণা।

আজি সমগ্ৰ দেশে উদযাপন কৰিছে ৰঙৰ উৎসৱ ফাকুৱা। হোলী গীতৰ ধ্বনি আৰু কৃষ্ণ বন্দনাৰে মুখৰ ভিন্ন প্ৰান্ত। গুৱাহাটীৰ ফাঁচীবজাৰত ৰেইন ডান্সৰ পৰিৱৰ্তে এইবাৰ হৈছে ৰং ডান্স। ইফালে বৰপেটাৰ হোলীগীতত অংশগ্ৰহণ কৰাৰ লগতে বটদ্ৰৱাতো উপস্থিত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।

হোলী উপলক্ষে কাইলৈ স্থানীয় বন্ধ ঘোষণা। নগাঁও, মৰিগাঁও,বিশ্বনাথ, ওদালগুৰি, বৰপেটা, যোৰহাটকে আদি কৰি কেইবাখনো জিলাত স্থানীয় বন্ধ ঘোষণা। হোলী উপলক্ষে ১৫ মাৰ্চত কামৰূপ মহানগৰীতো স্থানীয় বন্ধ ঘোষণা ৰাজ্য চৰকাৰৰ। এই দিনটোত সকলো চৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠান, স্কুল-কলেজ বন্ধ থাকিব।

ৰাজ্যৰ প্ৰান্তে-প্ৰান্তে নেৰানেপেৰা বৰষুণ। বৰষুণে ম্লান কৰিছে হোলীৰ আনন্দ। ১৫ মাৰ্চলৈ অসম, মেঘালয়, মিজোৰাম, নাগালেণ্ড আৰু ত্ৰিপুৰাত বৰষুণৰ আশংকা। ইফালে পুৱতি নিশা হাইলাকান্দিত বৰষুণৰ লগতে আহিছে শিলাবৃষ্টি। লগতে চাওক দেশ-বিদেশৰ বহু গুৰুত্বপূৰ্ণ খবৰ।