Assam News: ড০ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বৰ্ষপূৰ্তিৰ পৰা ভাৰত-পাকিস্তানৰ উত্তেজনালৈ, চাওক দিনটোৰ খবৰ

May 10, 2025 | 10:04 PM

সমগ্ৰ দেশক ভাৰতৰ কাষত থিয় দিবলৈ আহ্বান জনাইছে বেলুচ বিদ্ৰোহীয়ে। ক্ৰমাৎ উত্তেজনাপূৰ্ণ হৈ আহিছে ভাৰত-পাকৰ পৰিস্থিতি। ইফালে এই অশান্তিৰ পৰিৱেশৰ মাজতে কণ্ঠস্বৰত পৰিণত হৈছে বেলুচ বিদ্ৰোহী। বিশ্ববাসীলৈ এখন মুকলি চিঠি লিখিছে তেওঁলোকে।

আজিৰ দিনটোত বহুকেইটা বাতৰিয়ে শীৰ্ষ স্থান দখল কৰিছে। পলকতে চাও আহক অসমৰ লগতে দেশ বিদেশৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ-

A) ৪ টা বছৰ সম্পূৰ্ণ কৰিলে ড০ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। এই উপলক্ষ্যে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক শুভেচ্ছা জ্ঞাপন কৰে সতীৰ্থ মন্ত্ৰীসকলে। অৱশ্যে সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আয়োজন কৰা হোৱা নাই কোনো বিশেষ অনুষ্ঠান।

B) অশান্তিৰ মাজতে সলনি হ’ব পাৰে পাকিস্তানৰ সেনা প্ৰধান! অসীম মুনিৰ ঠাইত হয়তো চাহিৰ শ্বামছাদ মিৰ্জা হ’ব সেনা প্ৰধান। ভাৰতে অপাৰেচন সেন্দূৰ আৰম্ভ কৰাৰ পাছতে পাকিস্তানৰ ওপৰত বৃদ্ধি পাইছে চাপ। কেৱল সেয়াই নহয়, যুদ্ধৰ মাজতে পাকিস্তান সেনাবাহিনীত ‘বিদ্ৰোহ’ৰ খবৰ পোহৰলৈ আহিছে।

C) সমগ্ৰ দেশক ভাৰতৰ কাষত থিয় দিবলৈ আহ্বান জনাইছে বেলুচ বিদ্ৰোহীয়ে। ক্ৰমাৎ উত্তেজনাপূৰ্ণ হৈ আহিছে ভাৰত-পাকৰ পৰিস্থিতি। ইফালে এই অশান্তিৰ পৰিৱেশৰ মাজতে কণ্ঠস্বৰত পৰিণত হৈছে বেলুচ বিদ্ৰোহী। বিশ্ববাসীলৈ এখন মুকলি চিঠি লিখিছে তেওঁলোকে।

D) যুদ্ধৰ মাজতে বৃদ্ধি সোণৰ মূল্য! গুৱাহাটীত আজি ২৪ কেৰেট সোণৰ মূল্য প্ৰতি গ্ৰামত ৯,৮৬৮ টকা, ২২ কেৰেট সোণৰ মূল্য প্ৰতি গ্ৰামত ৯,০৪৫ টকা আৰু ১৮ কেৰেট সোণৰ মূল্য প্ৰতি গ্ৰামত ৭,৪০১ টকা। ৰূপৰ মূল্য প্ৰতি গ্ৰামত ৯৯ টকা আৰু প্ৰতি কিলোগ্ৰাম ৯৯,০০০ টকা।

E) পাকিস্তানৰ গুলীচালনাত জম্মু-কাশ্মীৰত ৫ জন লোক নিহত, অতিৰিক্ত জিলা উন্নয়ন আয়ুক্ত ৰাজ কুমাৰ থাপায়ো হেৰুৱালে প্ৰাণ। এই তথ্য প্ৰদান কৰিছে বিষয়াসকলে। বিষয়াজনৰ মৃত্যুত শোক প্ৰকাশ কৰি মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই টুইটাৰযোগে কৰিছে পোষ্ট।

F) ভাৰত-পাকিস্তান যুদ্ধৰ মাজতে চৰ্চিত হৈছে ভাৰতীয় সেনাবাহিনীৰ এগৰাকী জোৱানৰ কাৰ্য। বায়ুসেনাৰ এই সফলতাৰ লক্ষ্যত বিশেষ ভূমিকা পালন কৰিছে কাশ্মীৰী মুছলমান হিলাল আহমেদে। ভাৰতৰ বায়ুসেনাৰ শক্তিক উচ্চস্তৰলৈ লৈ গৈছে হিলালে। ফ্ৰান্সৰ পৰা ক্ৰয় কৰা বায়ুসেনাৰ অনন্য শক্তি ৰাফেল যুদ্ধ বিমান উৰুওৱা তেওঁ প্ৰথমগৰাকী ভাৰতীয়।

G) পাকিস্তানৰ সন্মুখত আন এক নতুন বিপদ। ধাৰাসাৰ বৰষুণৰ পিছত জলবিদ্যুৎ প্ৰকল্পৰ দুটা বান্ধ খুলি দিয়া হয়। ফলত চন্দ্ৰভাগা নদীৰ পানী পোনে পোনে পাকিস্তানৰ ফালে বৈ গৈছে। সিন্ধু জল সন্ধি স্থগিত ৰখাৰ ফলত এই বান্ধ খোলাৰ পূৰ্বে ভাৰতে কাকো অৱগত কৰিব লগা হোৱা নাছিল।

H) কাইলৈ মাতৃ দিৱস। মাতৃৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি উদ্‌যাপন কৰা এক দিৱস। প্ৰত্যেক বছৰৰ এটা বিশেষ দিনত উদযাপন কৰা হয়।

I) বাংলাদেশৰ বিৰুদ্ধে ডাঙৰ সিদ্ধান্ত ভাৰতৰ। পাকিস্তানৰ সৈতে উত্তেজনাৰ মাজতে ভাৰত বিৰোধী অপপ্ৰচাৰ চলাই বাংলাদেশৰ চাৰিটা নিউজ চেনেলে। সেই চেনেলকেইটা নিষিদ্ধ কৰিলে ভাৰতে।