শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
জাতিৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে নিজৰ জীৱন আহুতি দিয়াসকলক শ্ৰদ্ধা জনোৱাৰ সুযোগঃ অতুল বৰা

জাতিৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে নিজৰ জীৱন আহুতি দিয়াসকলক শ্ৰদ্ধা জনোৱাৰ সুযোগঃ অতুল বৰা

Barasha Sarma
Barasha Sarma | Updated On: 10 Dec 2025 17:21 PM

Swahid Diwas: প্ৰতিবছৰে ১০ ডিচেম্বৰৰ দিনটোত শ্বহীদ দিৱস পালন কৰা হয়। এই দিনটোতে শ্বহীদ হৈছিল খৰ্গেশ্বৰ তালুকদাৰ। এই উপলক্ষে কাইলৈ বৰাগাঁৱত কেন্দ্ৰীয়ভাৱে শ্বহীদ দিৱসৰ কাৰ্যসূচী ৰূপায়ন কৰা হ'ব।

কাইলৈ সমগ্ৰ ৰাজ্যই পালন কৰিব শ্বহীদ দিৱস। ইয়াৰ পূৰ্বে আজি বৰাগাঁৱত বিশেষ প্ৰাৰ্থনা সভা অনুষ্ঠিত হয়। য’ত মন্ত্ৰী অতুল বৰাই উপস্থিত থাকি মত প্ৰকাশ কৰে। তেওঁ কয় যে, কাইলৈ ১০ ডিচেম্বৰ অসমবাসীৰ বাবে এক বিশেষ ক্ষণ। বৰাগাঁৱত মুকলি হ’ব শ্বহীদ স্মাৰক ক্ষেত্র।

বৰাই কয় যে, ৰাজ্য চৰকাৰে এইবাৰ কেন্দ্ৰীয়ভাৱে সমগ্ৰ ৰাজ্যজুৰি শ্বহীদ দিৱস পালনৰ ব্যৱস্থা কৰিছে। ১০ ডিচেম্বৰৰ দিনটোত খৰ্গেশ্বৰ তালুকদাৰ শ্বহীদ হৈছিল। এই দিনটোতে কাইলৈ শ্বহীদ পৰিয়ালৰ উপস্থিতিত শ্বহীদ স্মাৰক উদ্যান উদ্বোধন কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। জাতিৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে নিজৰ জীৱন আহুতি দিয়াসকলক শ্ৰদ্ধা জনোৱাৰ সুযোগ বুলি কয় বৰাই।

আজি বৰাগাঁৱত অসম চুক্তি ৰূপায়ন বিভাগৰ মন্ত্ৰী অতুল বৰা, জয়ন্ত মল্ল বৰুৱা, পিযুষ হাজৰিকা , বিমল বৰা আৰু সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বকে ধৰি মুখ্যমন্ত্ৰীৰ উপস্থিত বন্তি প্ৰজ্বলন,ভাগৱত পাঠ,গায়ন বায়ন আদি হয়। তাৰ পাছতে কাইলৈ ৮৬০ জন শ্বহীদক সুঁৱৰি ৰাজ্য চৰকাৰৰ উদ্যোগত দুদিনিয়া কৈ অনুষ্ঠিত শ্বহীদ দিৱস।

সবিশেষৰ বাবে ভিডিঅ’…