জাতীয় শ্বহীদৰ স্মৃতি যুগমীয়া কৰি ৰাখিবৰ কাৰণে এটা স্থায়ী শ্বহীদ স্মাৰক প্ৰয়োজনীয় আছিল’ – সমুজ্জল কুমাৰ ভট্টাচার্য
সংবাদ মাধ্যমৰ আগত আছুৰ মুখ্য উপদেষ্টাগৰাকীয়ে কয়, "জাতীয় শ্বহীদৰ স্মৃতি যুগমীয়া কৰি ৰাখিবৰ কাৰণে এটা স্থায়ী শ্বহীদ স্মাৰক নিৰ্মাণৰ বাবে ৰাইজৰ লগতে আছুৱে দীৰ্ঘদিন ধৰি দাবী জনাই আহিছিলো। আজি সেই আহ্বান আৰু দাবী পূৰণ হৈছে।"
কাইলৈ সমগ্ৰ ৰাজ্যই পালন কৰিব শ্বহীদ দিৱস। গুৱাহাটীৰ পশ্চিম বৰাগাঁৱত নিৰ্মাণ কৰা শ্বহীদ স্মাৰকো কালিলৈ উন্মোচন কৰা হ’ব। আজি সেই উপলক্ষে অনুষ্ঠিত কৰা হয় মাংগলিক অনুষ্ঠান। এই অনুষ্ঠানত উপস্থিত থাকে আছুৰ মুখ্য উপদেষ্টা সমুজ্জল কুমাৰ ভট্টাচার্য।
সংবাদ মাধ্যমৰ আগত আছুৰ মুখ্য উপদেষ্টাগৰাকীয়ে কয়, “জাতীয় শ্বহীদৰ স্মৃতি যুগমীয়া কৰি ৰাখিবৰ কাৰণে এটা স্থায়ী শ্বহীদ স্মাৰক নিৰ্মাণৰ বাবে ৰাইজৰ লগতে আছুৱে দীৰ্ঘদিন ধৰি দাবী জনাই আহিছিলো। আজি সেই আহ্বান আৰু দাবী পূৰণ হৈছে। আমি মনত ৰাখিব লাগিব যে , ৮৬০ সংখ্যা নহয় জীৱন। শ্বহীদ স্মাৰক নিৰ্মাণৰ বাবে অসম চৰকাৰক ধন্যবাদ জনাইছো। এয়া অসম চৰকাৰৰ ইতিবাচক পদক্ষেপ।”
আজি বৰাগাঁৱত অসম চুক্তি ৰূপায়ন বিভাগৰ মন্ত্ৰী অতুল বৰা, জয়ন্ত মল্ল বৰুৱা, পিযুষ হাজৰিকা , বিমল বৰা আৰু সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বকে ধৰি মুখ্যমন্ত্ৰীৰ উপস্থিতিত বন্তি প্ৰজ্বলন,ভাগৱত পাঠ,গায়ন বায়ন আদি হয়। সবিশেষ জানিবলৈ ভিডিঅ’ চাওক…
ভোগালীৰ উছাহৰ পৰা ৰেজাউল কৰিমৰ কংগ্ৰেছ ত্যাগলৈ দিনটোৰ শীর্ষ খবৰ
'বাগুৰুম্বা দ’হৌ'লৈ এতিয়া আৰু মাত্ৰ কেইটামান দিনহে বাকী
হঠাৎ কি হ'ল বিৰাট পত্নীৰ? সামাজিক মাধ্যমত এক বিশেষ পোষ্ট...
বিশ্বৰ ভিতৰতে ধনী ক্ৰিকেট ব’ৰ্ড BCCIৰ ওচৰত কিমান টকা আছে জানেনে?
