Nobel Prize 2025: ৩ বিজ্ঞানীলৈ ৰসায়ন বিজ্ঞানৰ ন’বেল বঁটা, তেওঁলোকৰ অৱদান কি জানেনে?
এই বছৰৰ ৰসায়ন বিজ্ঞানৰ ন'বেল বঁটা লাভ কৰিব চুছুমু কিটাগাৱা, ৰিচাৰ্ড ৰবছন আৰু ওমৰ এম য়াঘীয়ে। ধাতু-জৈৱিক ফ্ৰেমৱৰ্ক সৃষ্টিৰ বাবে তেওঁলোকক এই সন্মানেৰে সন্মানিত কৰা হৈছে।
বুধবাৰে ঘোষণা কৰা হয় ২০২৫ বৰ্ষৰ ৰসায়ন বিজ্ঞানৰ ন’বেল বঁটা। এই বছৰৰ ৰসায়ন বিজ্ঞানৰ ন’বেল বঁটা লাভ কৰিব চুছুমু কিটাগাৱা, ৰিচাৰ্ড ৰবছন আৰু ওমৰ এম য়াঘীয়ে। ধাতু-জৈৱিক ফ্ৰেমৱৰ্ক সৃষ্টিৰ বাবে তেওঁলোকক এই সন্মানেৰে সন্মানিত কৰা হৈছে। আজি ৮ অক্টোবৰত ৰয়েল ছুইডিছ একাডেমী অৱ চাইন্সে চুছুমু কিটাগাৱা, ৰিচাৰ্ড ৰবছন আৰু ওমৰ এম ইয়াঘিৰ নাম ঘোষণা কৰে।
ন’বেল বঁটাৰ লগতে এই তিনিজন ৰসায়নবিদক পুৰস্কাৰৰ ধন হিচাপে ১ কোটি ১০ লাখ ছুইডিছ মুদ্ৰা দিয়া হ’ব। যিটো ভাৰতীয় মুদ্ৰাত ১০ কোটি টকাৰ সমতুল্য। এই পুৰস্কাৰৰ ধন তিনিজনৰ মাজত ভাগ কৰা হ’ব।চুছুমু কিটাগাৱাই জাপানৰ কিয়’ট’ বিশ্ববিদ্যালয়ৰ পৰা হাইড্ৰ’কাৰ্বন ৰসায়ন বিজ্ঞানত পি এইচ ডি কৰিছিল। আনহাতে ৰিচাৰ্ড ৰবছন এজন ব্ৰিটিছ নাগৰিক। তেওঁ অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ পৰা ৰসায়ন বিজ্ঞান অধ্যয়ন কৰিছিল। ওমৰ এম য়াঘী জৰ্ডানৰ নাগৰিক। আমেৰিকাৰ ইলিনয় বিশ্ববিদ্যালয়ৰ পৰা পি এইচ ডি ডিগ্ৰী লাভ কৰিছে।