শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
ভাৰত-বাংলা সীমান্তলৈ কোনে পঠাইছে সন্দেহজনক সংকেত?

ভাৰত-বাংলা সীমান্তলৈ কোনে পঠাইছে সন্দেহজনক সংকেত?

Trishna Kalita
Trishna Kalita | Published: 11 Feb 2025 18:47 PM

ভাৰত-বাংলাদেশ সীমান্তত পোৱা গৈছে সাংকেতিক ছিগনেল।  মূলতঃ উৰ্দু আৰু আৰবী ভাষাত লাভ কৰা হৈছে এই সংকেত। এই তথ্য প্ৰকাশ কৰিছে হাম ৰেডিঅ’ অপাৰেটৰে। বিষয়টো ইতিমধ্য়ে অৱগত কৰা হৈছে কেন্দ্ৰীয় চৰকাৰক । পিটিআইৰ সূত্ৰ অনুসৰি দক্ষিণ বংগৰ বিভিন্ন জিলাত পোৱা গৈছে এই সংকেত।

ভাৰত-বাংলাদেশ সীমান্তত পোৱা গৈছে সাংকেতিক ছিগনেল।  মূলতঃ উৰ্দু আৰু আৰবী ভাষাত লাভ কৰা হৈছে এই সংকেত। এই তথ্য প্ৰকাশ কৰিছে হাম ৰেডিঅ’ অপাৰেটৰে। বিষয়টো ইতিমধ্য়ে অৱগত কৰা হৈছে কেন্দ্ৰীয় চৰকাৰক । পিটিআইৰ সূত্ৰ অনুসৰি দক্ষিণ বংগৰ বিভিন্ন জিলাত পোৱা গৈছে এই সংকেত। বাংলা, উৰ্দু আৰু আৰবী ভাষাত প্ৰেৰণ কৰা হৈছে সংকেত। যোৱা কেইমাহমানৰ পৰা নিশাৰ ভাগত এই সংকেত উপলব্ধ হৈ আহিছে। ডিচেম্বৰৰ পৰা বনগাঁৱৰ বাছিৰহাটৰ পৰা সুন্দৰবন অঞ্চললৈ বিশেষ সাংকেতিক ছিগনেল লাভ কৰা হৈছে।

সূত্ৰ অনুসৰি এই সংকেতসমূহ পুৱা ১ বজাৰ পৰা ৩ বজাৰ ভিতৰত পোৱা যায়। এই ছিগনেল লাভ কৰিছে  হাম ৰেডিঅ’ই। অৱশ্যে ইয়াৰ তথ্য বিচৰাত নিমাত হৈ পৰে আনটো পক্ষ। যাক লৈ এতিয়া সন্দেহৰ সূত্ৰপাত ঘটিছে।  ক’বলৈ গ’লে উগ্ৰপন্থীয়ে প্ৰায়ে নিজৰ মাজত যোগাযোগ কৰিবলৈ হাম ৰেডিঅ’ ব্যৱহাৰ কৰে। যিহেতু মোব’ইলৰ দৰে ইয়াৰ স্থান অনুসৰণ কৰিব নোৱাৰি। সেয়েহে এই ক্ষেত্ৰত সুবিধা অধিক।