শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
শ্রীভূমিত গ্ৰেপ্তাৰ সন্দেহজনক বাংলাদেশী নাগৰিক, বাংলাদেশী টকা উদ্ধাৰ

শ্রীভূমিত গ্ৰেপ্তাৰ সন্দেহজনক বাংলাদেশী নাগৰিক, বাংলাদেশী টকা উদ্ধাৰ

barasha-misra
Barasha Misra | Published: 24 Dec 2025 16:09 PM

এই বাংলাদেশীজনক চহৰখনৰ কালীমহাবী বাড়ি এলাকাৰ পৰা আটক কৰা হয়। সেই স্থানত সন্দেহজনক ভাবে ঘুৰি ফুৰি থাকোঁতে ক্ৰিকেট খেলি থকা স্থানীয় যুবক কেইজনমানৰ সন্দেহ হয়। তেওঁক নাম ঠিকনা সোধোত অস্পষ্টকৈ বাংলাদেশৰ ঠিকনা দিয়ে। এজন‌ যুৱকে কাপোৰৰ জেপৰ তালাচী চলাই উলিয়াই বাংলাদেশী টকা আৰু মুদ্ৰা।

শ্রীভূমিত ৰাইজে কৰায়ত্ত কৰিলে এগৰাকী সন্দেহজন বাংলাদেশী নাগৰিকক। লোকজনৰ পৰা বাংলাদেশী টকাও উদ্ধাৰ হৈছে। জানিব পৰা মতে লোকজনৰ নাম কমৰুল ইছলাম। তেওঁ বাংলাদেশৰ জকিগঞ্জৰ বাসিন্দা।

এই বাংলাদেশীজনক চহৰখনৰ কালীমহাবী বাড়ি এলাকাৰ পৰা আটক কৰা হয়। সেই স্থানত সন্দেহজনক ভাবে ঘুৰি ফুৰি থাকোঁতে ক্ৰিকেট খেলি থকা স্থানীয় যুবক কেইজনমানৰ সন্দেহ হয়। তেওঁক নাম ঠিকনা সোধোত অস্পষ্টকৈ বাংলাদেশৰ ঠিকনা দিয়ে। এজন‌ যুৱকে কাপোৰৰ জেপৰ তালাচী চলাই উলিয়াই বাংলাদেশী টকা আৰু মুদ্ৰা।

বাংলাদেশত বৰ্তমানে হিন্দু নিৰ্যাতন বৃদ্ধি পোৱা সময়তে এই লোকজনক দেখি স্থানীয় লোক ক্ষোভিত হৈ পৰে। পিছত আৰক্ষীক মাতি আনি গতাই দিয়া হয় লোকজনক। লোকজন প্ৰকৃততে বাংলাদেশৰ কোন ঠাইৰ আৰু কোনটো সীমান্ত দি ভাৰতত প্ৰবেশ কৰিছে, এয়া এতিয়াও অস্পষ্ট।