কণ্ডমেৰে ছানীয়ে দিলে বাৰ্তা! সামাজিক মাধ্যমত ভাইৰেল ছানী লিয়নীৰ এই ভিডিঅ’

| Edited By: Monjit Dutta

Dec 04, 2025 | 11:13 PM

সম্প্ৰতি সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এই দৃশ্য। শেহতীয়াকৈ ডিজাইনাৰ এছলী ৰেবেলোৱে বিশ্ব এইডছ দিৱস উপলক্ষে এক বিশেষ ফেশ্বন শ্ব’ৰ আয়োজন কৰিছিল। তাত ছানীয়ে এইডছৰ বিষয়ে সজাগতা সৃষ্টিৰ বাবে এক অনন্য পন্থা গ্ৰহণ কৰে। তেওঁ সাজ-পোছাকত একাধিক কণ্ডম ওলোমাই লয়।

ছানী লিয়নী মানেই চৰ্চা। নিজৰ সৌন্দৰ্যৰে সকলোকে মোহিত কৰিছে ছানীয়ে। এইবাৰ এক ফেশ্বন শ্ব’ত উপস্থিত হৈ অগণন দৰ্শকক কৰিলে আচৰিত! প্ৰথমে কোনেও বুজিব পৰা নাছিল যে এনেকুৱা কামো কৰিব পাৰে। কিন্তু যেতিয়া দেখিলে, তেতিয়া সকলোৱে তবধ মানিলে। অৱশ্যে দৰ্শকে ভাবিছিল যে ফেশ্বন শ্ব’’টোত মোহময়ী অভিনেত্ৰী ছানী লিয়নীয়ে নতুন কিবা এটা ক’ব, কিন্তু কোনেও সপোনতো ভবা নাছিল যে ছানীয়ে কণ্ডম পিন্ধি ৰেম্প ৱাক কৰিব।

সম্প্ৰতি সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এই দৃশ্য। শেহতীয়াকৈ ডিজাইনাৰ এছলী ৰেবেলোৱে বিশ্ব এইডছ দিৱস উপলক্ষে এক বিশেষ ফেশ্বন শ্ব’ৰ আয়োজন কৰিছিল। তাত ছানীয়ে এইডছৰ বিষয়ে সজাগতা সৃষ্টিৰ বাবে এক অনন্য পন্থা গ্ৰহণ কৰে। তেওঁ সাজ-পোছাকত একাধিক কণ্ডম ওলোমাই লয়।

এই ফেশ্বন শ্ব’ত ছানীয়ে প্ৰথমে পিন্ধিছিল উজ্জ্বল গোলাপী ৰঙৰ এটা অভাৰস্কাৰ্ট। তাৰ পিছত সেয়া সলনি কৰি বগা ৰঙৰ সৰু সৰু আইনা লগোৱা ড্ৰেচেৰে ৰেম্পত খোজ দিয়ে। সেই বগা ৰঙৰ মিনি স্কাৰ্টত কেইবাটাও কণ্ডম ওলোমাই থোৱা আছিল।

ছানীৰ মতে এই সাজ-পোছাকৰ জৰিয়তে প্ৰেৰণ কৰা বাৰ্তাটো হ’ল যে বাহিৰৰ জিলিকি যিমান গুৰুত্বপূৰ্ণ সিমানেই সুৰক্ষাও গুৰুত্বপূৰ্ণ। এই কথা বুজাবলৈ গোলাপী ৰঙৰ স্কাৰ্টৰ ভিতৰত আন এটা স্কাৰ্ট পিন্ধিছে, য’ত কণ্ডম ওলোমি আছিল। উল্লেখ্য যে এই ফেশ্বন শ্ব’টোত মলাইকা আৰোৰাকো ৰঙক ড্ৰেচত দেখা গৈছিল। এয়াই কেন্দ্ৰবিন্দু হৈ পৰে।