শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
ধঁপাতজাতীয় সামগ্ৰীৰ ওপৰত কিয় পুনৰ আবকাৰী শুল্ক আৰোপ কৰিবলৈ ওলাইছে কেন্দ্ৰই?

ধঁপাতজাতীয় সামগ্ৰীৰ ওপৰত কিয় পুনৰ আবকাৰী শুল্ক আৰোপ কৰিবলৈ ওলাইছে কেন্দ্ৰই?

raj-saikia
Raj Saikia | Published: 04 Dec 2025 22:27 PM

পুনৰ কিয় চিগাৰেট আৰু ধঁপাতজাতীয় সামগ্ৰীৰ ওপৰত আবকাৰী শুল্ক আৰোপ কৰা হৈছে, সেই বিষয়ে যুক্তি দি বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কয় যে যদি ক্ষতিপূৰণৰ চেছ আঁতৰোৱা হয় তেন্তে চিগাৰেটৰ ওপৰত কৰৰ বোজা কমি যাব।

সস্তীয়া হ’বলৈ দিব নোৱাৰি চিগাৰেট। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ স্পষ্ট বাৰ্তা এয়া। জি এছ টি ক্ষতিপূৰণৰ চেছ শেষ হোৱাৰ পিছতে পুনৰ প্ৰৱৰ্তন কৰা হ’ব আবকাৰী শুল্ক। লোকসভাত কেন্দ্ৰীয় আবকাৰী (সংশোধনী) বিধেয়ক ২০২৫ সন্দৰ্ভত আলোচনাৰ সময়তে চৰকাৰৰ এই সিদ্ধান্তৰ কথা ঘোষণা কৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে।

পুনৰ কিয় চিগাৰেট আৰু ধঁপাতজাতীয় সামগ্ৰীৰ ওপৰত আবকাৰী শুল্ক আৰোপ কৰা হৈছে, সেই বিষয়ে যুক্তি দি বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কয় যে যদি ক্ষতিপূৰণৰ চেছ আঁতৰোৱা হয় তেন্তে চিগাৰেটৰ ওপৰত কৰৰ বোজা কমি যাব। জি এছ টি সৰ্বাধিক ৪০ শতাংশ নিৰ্ধাৰণ কৰিব পাৰি। বিত্তমন্ত্ৰীয়ে স্পষ্টকৈ কয়, “আমি নিশ্চিতভাৱে চিগাৰেট সস্তা হোৱাটো নিবিচাৰো।”

জি এছ টি প্ৰৱৰ্তনৰ পিছত চিগাৰেট বা ধঁপাতজাতীয় সামগ্ৰীৰ দাম বৃদ্ধি হোৱাটো এনে নহয় বুলিও কয় সীতাৰমণে। ইয়াৰ পূৰ্বে দেশত ধঁপাতৰ কৰ আছিল আৰু ইয়াক প্ৰতি বছৰে বৃদ্ধি কৰা হৈছিল। যাতে ধূমপান কৰা লোকৰ সংখ্যা হ্ৰাস পায়। এই বিষয়ে ব্যাখ্যা কৰি বিত্তমন্ত্ৰীগৰাকীয়ে কয়, ‘এয়া স্বাস্থ্যজনিত চিন্তাৰ বিষয়, গতিকে ইয়াৰ কৰ আৰু মূল্যও বেলেগ হ’ব লাগে, যাতে মানুহ নিচাৰ কবলত নপৰে। ক্ষতিপূৰণৰ চেছ শেষ হোৱাৰ পিছত আমি জিএছটিৰ পূৰ্বে থকা আবকাৰী শুল্ক ঘূৰাই আনিছো।”