ধঁপাত সেৱনকাৰীৰ বাবে বেয়া খবৰ, নতুন বিধেয়কে বৃদ্ধি কৰিব দাম!
নতুন আবকাৰী বিধেয়কত চৰকাৰে ৭৫ মিলিমিটাৰতকৈ অধিক দৈৰ্ঘ্যৰ ফিল্টাৰ চিগাৰেটৰ ১০০০ ষ্টিকত ১১ হাজাৰ টকা চেছৰ প্ৰস্তাৱ আগবঢ়াইছে। আগতে এই চেছ আছিল মাত্ৰ ৭৩৫ টকা।
ধঁপাত সেৱনকাৰীৰ বাবে বেয়া খবৰ। ধঁপাত আৰু ধঁপাতজাতীয় সামগ্ৰীৰ ওপৰত কেন্দ্ৰীয় আবকাৰী শুল্ক বা আবকাৰী শুল্ক বৃদ্ধি কৰাৰ প্ৰস্তাৱ চৰকাৰৰ। বৃদ্ধি হ’ব চিগাৰেট আৰু অন্যান্য ধঁপাতজাতীয় সামগ্ৰীৰ দাম। আনহাতে, পান মছলাৰ দামো যথেষ্ট বৃদ্ধি পাব।
আজি সোমবাৰৰ পৰা আৰম্ভ হৈছে সংসদৰ শীতকালীন অধিৱেশন। আৰু অধিৱেশনৰ প্ৰথম দিনাই কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰিব পাৰে নতুন আবকাৰী বিধেয়ক। এই বিধেয়কখনে পান মছলা আৰু অন্যান্য ধঁপাতজাতীয় সামগ্ৰীৰ ওপৰত অতিৰিক্ত চেছ আৰোপ কৰা বুলি কোৱা হৈছে। শুল্কৰ পৰা সংগ্ৰহ কৰা ধন ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু জনস্বাস্থ্যৰ বাবে ব্যয় কৰা হ’ব।
সূত্ৰৰ মতে, এই বিধেয়কখনে পান মছলাৰ ওপৰত চেছ আৰোপ কৰিব পাৰে। ইয়াৰ উপৰিও অন্যান্য Sin Goods অৰ্থাৎ চিগাৰেট আৰু অন্যান্য ধঁপাতজাতীয় সামগ্ৰীৰ ওপৰত অতিৰিক্ত চেছ আৰোপ কৰিব পাৰে। অৱশ্যে বিড়ীক ইয়াৰ পৰা ৰেহাই দিয়া হ’ব। এই বিধেয়কখনত এনে এটা ব্যৱস্থা আছে যে চৰকাৰে ভৱিষ্যতে জনস্বাৰ্থত Sin Goodsৰ তালিকাত আৰু অধিক বস্তু যোগ দিব পাৰে। সংসদৰ দুয়োখন সদনত গৃহীত কৰি আইনত পৰিণত হ’লে তৎক্ষণাত কাৰ্যকৰী হ’ব এই বিধেয়কখন ।
