শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
কেবিনেটৰ সিদ্ধান্তৰ পৰা পাইকানৰ সংঘাতলৈ দিনটোৰ শীৰ্ষ খবৰ...

কেবিনেটৰ সিদ্ধান্তৰ পৰা পাইকানৰ সংঘাতলৈ দিনটোৰ শীৰ্ষ খবৰ…

trishna-kalita
Trishna Kalita | Updated On: 18 Jul 2025 21:36 PM

পাইকানত আৰক্ষীৰ ওপৰত হোৱা আক্ৰমণ সন্দৰ্ভত মন্তব্য প্ৰকাশ মুখ্য়মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। তেওঁ কয় যে, কোনোবাই পৰিস্থিতি উত্তেজিত কৰিলে উচিত ব্যৱস্থা লোৱা হ’ব। এই ক্ষেত্ৰত ৰাহুল গান্ধীকো কটাক্ষ মুখ্য়মন্ত্ৰীৰ।

শুকুৰবাৰে লোকসেৱা ভৱনত অনুষ্ঠিত হয় অসম চৰকাৰৰ কেবিনেট বৈঠক। এই বৈঠকত কেবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে ৰাজ্য চৰকাৰে। কেবিনেটত গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি এটি কলি দুটি পাত আঁচনি ৰূপায়নৰ বাবে ৩৪২ কোটি টকা অনুমোদন চৰকাৰৰ। পাইকানত আৰক্ষীৰ ওপৰত হোৱা আক্ৰমণ সন্দৰ্ভত মন্তব্য প্ৰকাশ মুখ্য়মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। তেওঁ কয় যে, কোনোবাই পৰিস্থিতি উত্তেজিত কৰিলে উচিত ব্যৱস্থা লোৱা হ’ব। এই ক্ষেত্ৰত ৰাহুল গান্ধীকো কটাক্ষ মুখ্য়মন্ত্ৰীৰ। ৰাহুল গান্ধীৰ ৰাজনৈতিক মন্তব্যক ৰাজনৈতিক নাটকৰ সৈতে তুলনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মুখ্যমন্ত্ৰীয়ে কয় যে ৰাহুল গান্ধী এজন সাংসদ হৈ এজন মুখ্যমন্ত্ৰীক গ্ৰেপ্তাৰ কৰিব নোৱাৰে। সমগ্ৰ ভাৰতৰ বহু কাৰাগাৰ গান্ধী পৰিয়ালৰ বাবে অপেক্ষাত আছে বুলিও কয় ডঃ শৰ্মাই। লগতে চাওক দিনটোৰ আন বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ…