শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
এবছৰত ৮৪ শতাংশ লাভ বৃদ্ধিঃ নতুন অভিলেখ গঢ়িলে SBIএ

এবছৰত ৮৪ শতাংশ লাভ বৃদ্ধিঃ নতুন অভিলেখ গঢ়িলে SBIএ

monjit-dutta
Monjit Dutta | Published: 08 Feb 2025 18:13 PM

শেহতীয়াকৈ ষ্টেট বেংকে প্ৰকাশ কৰিছে বিত্তীয় বৰ্ষটোৰ লাভালাভৰ তথ্য। বেংকৰ তথ্য অনুসৰি, বিত্তীয় বৰ্ষৰ অন্তিম ত্ৰিমাসিকত লাভৰ পৰিমাণ যথেষ্ট বৃদ্ধি পাইছে। বিগত বিত্তীয় বৰ্ষৰ অন্তিম ত্ৰিমাসিকতকৈ এই বিত্তীয় বৰ্ষৰ অন্তিম ত্ৰিমাসিকত ষ্টেট বেংকৰ লাভ প্ৰায় ৮৪ শতাংশ বৃদ্ধি হৈছে।

বৃদ্ধি পাইছে দেশৰ সৰ্ববৃ্হৎ চৰকাৰী বেংক ষ্টেট বেংক অৱ ইণ্ডিয়া, চমুকৈ SBIৰ বিত্তীয় লাভ। শেহতীয়াকৈ ষ্টেট বেংকে প্ৰকাশ কৰিছে বিত্তীয় বৰ্ষটোৰ লাভালাভৰ তথ্য। বেংকৰ তথ্য অনুসৰি, বিত্তীয় বৰ্ষৰ অন্তিম ত্ৰিমাসিকত লাভৰ পৰিমাণ যথেষ্ট বৃদ্ধি পাইছে। বিগত বিত্তীয় বৰ্ষৰ অন্তিম ত্ৰিমাসিকতকৈ এই বিত্তীয় বৰ্ষৰ অন্তিম ত্ৰিমাসিকত ষ্টেট বেংকৰ লাভ প্ৰায় ৮৪ শতাংশ বৃদ্ধি হৈছে আৰু এইদৰে এই ত্ৰিমাসিকত SBIএ ১৬,৮৯১ কোটি টকা লাভৰ মুখ দেখিছে।

তথ্য অনুসৰি বিগত বিত্তীয় বৰ্ষৰ অন্তিম ত্ৰিমাসিকত প্ৰায় ৯ হাজাৰ কোটি টকা লাভ হৈছিল SBIৰ। অৱশ্যে এনে অভিলেখসংখ্যক পৰিমাণৰ লাভৰ পিছতো শ্বেয়াৰ বজাৰত ষ্টেট বেংকৰ প্ৰদৰ্শন হতাশাজনক।