শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
আৰম্ভ হৈছে ঘূৰ্ণীবতাহ ‘দিটৱাহ’ৰ ধ্বংসলীলা, ১৫৩ জনৰ মৃত্যু

আৰম্ভ হৈছে ঘূৰ্ণীবতাহ ‘দিটৱাহ’ৰ ধ্বংসলীলা, ১৫৩ জনৰ মৃত্যু

Trishna Kalita
Trishna Kalita | Published: 30 Nov 2025 22:25 PM

শনিবাৰে শ্ৰীলংকাৰ প্ৰশাসনিক বিষয়াসকলে আন্তঃৰাষ্ট্ৰীয় সংবাদ সংস্থা এ এফ পিক জনাইছিল যে, তীব্ৰ বতৰ আৰু ঘূৰ্ণীবতাহৰ বাবে ভাঙি তচনচ হৈছে ১৫ হাজাৰৰো অধিক বাসগৃহ। গৃহহীন হৈছে ৭৮ হাজাৰ লোক ।

অধিক ভয়ংকৰ হোৱা দিশে আগবাঢ়িছে পৰিস্থিতি।  ইয়াক হয়তো মৃত্যুদূত বুলি ক’লেও ভুল নহ’ব। ইতিমধ্যে ভাৰতৰ দ্বীপ ৰাষ্ট্ৰৰ কাষ পাইছেহি কালঘূৰ্ণী । শ্ৰীলংকাত মিনিটৰ পিছত মিনিট বৃদ্ধি পাইছে মৃত্যুৰ সংখ্যা। এই পৰ্যন্ত লাভ কৰা তথ্য অনুসৰি ঘূৰ্ণীবতাহ ‘দিটৱাহ’ৰ বাবে ১৫৩ জন লোকৰ মৃত্যু হৈছে। ১৭৬ জন লোক সন্ধানহীন হোৱা তথ্য। দেশত জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছে শ্ৰীলংকা চৰকাৰে।