শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
ওদালগুৰি জিলাত স্পৰ্টছ একাডেমীৰ শিলান্যাস...

ওদালগুৰি জিলাত স্পৰ্টছ একাডেমীৰ শিলান্যাস…

manas-borah
Manas Borah | Updated On: 06 Dec 2025 21:53 PM

ওদালগুৰি জিলাৰ ৰৌটাত নতুন ক্ৰীড়া একাডেমীৰ আধাৰশিলা স্থাপন কৰা হয়। এই অনুষ্ঠানত উপস্থিত থাকে অসম কেবিনেট মন্ত্ৰী জয়ন্ত মল্লবৰুৱা। উপস্থিত থাকে বিটিচিৰ মুখ্য কাৰ্যবাহী হাগ্ৰাম মহিলী।

বিটিচিৰ বিশেষ উন্নয়ন পেকেজৰ অধীনত ওদালগুৰি জিলাৰ ৰৌটাত নতুন ক্ৰীড়া একাডেমীৰ আধাৰশিলা স্থাপন কৰা হয়। এই অনুষ্ঠানত উপস্থিত থাকে অসম কেবিনেট মন্ত্ৰী জয়ন্ত মল্লবৰুৱা। উপস্থিত থাকে বিটিচিৰ মুখ্য কাৰ্যবাহী হাগ্ৰাম মহিলী। হাগ্ৰামাই আশা প্ৰকাশ কৰে যে, একাডেমীখনে যুৱ খেলুৱৈসকলক ক্ৰীড়া ক্ষেত্ৰত আগবাঢ়ি যোৱাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। উজ্জ্বল, শক্তিশালী ভৱিষ্যতৰ দিশত ই এক ঐতিহাসিক পদক্ষেপ! ইফালে,কেবিনেট মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কয় যে, ৰাজ্যখনৰ অন্যান্য প্ৰান্তৰ লগতে বিটিআৰ এলেকাতো প্রতিভাৰ অভাৱ নাই। এই প্রতিভাৱান খেলুৱৈসকলক সঠিক দিশত প্ৰশিক্ষণ দিবলৈ বিজ্ঞানসন্মত ক্রীড়া প্রশিক্ষণ একাডেমীৰ প্রয়োজন আছিল। মোৰ দৃঢ় বিশ্বাস, এই প্রতিষ্ঠানখন সম্পূর্ণ হৈ উঠিলে ৰাজ্যখনে বহু সংখ্যক দক্ষ খেলুৱৈ লাভ কৰিব। অনুষ্ঠানত বিটিচিৰ উপ-প্রমুখ ৰিহণ দৈমাৰীৰ লগতে কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।