শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
Sperm Production Issues: পুৰুষৰ গুপ্তাংগৰ ক্ষতি কৰিব পাৰে মোবাইলে!

Sperm Production Issues: পুৰুষৰ গুপ্তাংগৰ ক্ষতি কৰিব পাৰে মোবাইলে!

Barasha Misra
Barasha Misra | Updated On: 22 Mar 2025 19:51 PM

এই সমস্যাৰ পৰা হাত সাৰিবলৈ কেতিয়াও মোবাইল ফোনটো পেণ্টৰ জেপত ৰাখিব নালাগে। ইয়াৰোপৰি কিছুমানে কোলাত লেপটপ বা টেবলেট লৈ ঘণ্টাৰ পিছত ঘণ্টা কাম কৰাও দেখা যায়। এই অভ্যাস তৎক্ষণাত এৰি দিয়াটো জৰুৰী।

মোবাইল এতিয়া আমাৰ জীৱনৰ এটা অংশ হৈ পৰিছে। আমি য’তেই যাওঁ, যিয়েই নকৰোঁ, আমাৰ ফোনটো আমাৰ লগত থাকে। আনকি কিছুমানে বাথৰুমলৈ যাওঁতে লগত লৈ যায়। কিন্তু এই সকলোবোৰৰ পৰা আমাৰ শৰীৰত কিছু বেয়া প্ৰভাৱ পৰিছে। আমি ৰাস্তালৈ বা আন ক’ৰবাত ওলাই যাওঁতে পেণ্টৰ জেপত মোবাইল ফোনটো থৈ দিওঁ। কিন্তু সেই অভ্যাসে পুৰুষৰ গুৰুতৰ ক্ষতি কৰিছে।

বিশেষজ্ঞসকলে কয় যে, মোবাইল ফোন পকেটত ৰখাৰ ফলত পুৰুষৰ বন্ধ্যাত্ব বৃদ্ধি পাইছে। কিন্তু মোবাইলৰ জৰিয়তে এনে ঘটনা কেনেকৈ সংঘটিত হয়? প্ৰজনন আৰু স্ত্ৰীৰোগ বিশেষজ্ঞা মৌমিতা নাহাই বিতংভাৱে এই বিষয়ে ব্যাখ্যা কৰিছে।

মৌমিতাই কয় যে, শুক্ৰাণুৱে তাপ ভাল নাপায়। গতিকে পুৰুষৰ যৌনাংগ ক্ষতি কৰাৰ সম্ভাৱনা থাকে। কোনো কাৰণত চৌপাশৰ উষ্ণতা অত্যধিক বৃদ্ধি পালে পুৰুষৰ বীৰ্য উৎপাদনত প্ৰভাৱ পৰে।