শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বিষয়ে কি ক'লে SDGP মুন্না প্ৰসাদ গুপ্তাই?

জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বিষয়ে কি ক’লে SDGP মুন্না প্ৰসাদ গুপ্তাই?

trishna-kalita
Trishna Kalita | Updated On: 18 Nov 2025 16:59 PM

এই সন্দৰ্ভত SDGP মুন্না প্ৰসাদ গুপ্তাই কয়, "বিদেশত ভাৰতীয় নাগৰিকৰ মৃত্যু হ'লে তদন্তত গৃহ মন্ত্রণালয়ৰ অনুমতিৰ প্ৰয়োজন। জুবিনৰ মৃত্যুৰ তদন্ত কৰিবলৈ প্ৰয়োজনীয় অনুমতি দিছে ভাৰত চৰকাৰে। এতিয়া SIT-এ আদালতত অভিযোগনামা দাখিল কৰাত বাধাৰ সন্মুখীন নহয়।"

বিষাদৰ মাজতে আহিছে এটা ভাল খবৰ। ছিংগাপুৰত জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ আঁতৰিল বাধা।  জুবিনৰ ৫৩ সংখ্যক জন্মদিনত এই কথা জানিবলৈ দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ইতিমধ্যে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ অধীনত অভিযুক্তৰ বিৰুদ্ধে তদন্ত কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে দিছে অনুমতি।

এই সন্দৰ্ভত SDGP মুন্না প্ৰসাদ গুপ্তাই কয়, “বিদেশত ভাৰতীয় নাগৰিকৰ মৃত্যু হ’লে তদন্তত গৃহ মন্ত্রণালয়ৰ অনুমতিৰ প্ৰয়োজন। জুবিনৰ মৃত্যুৰ তদন্ত কৰিবলৈ প্ৰয়োজনীয় অনুমতি দিছে ভাৰত চৰকাৰে। এতিয়া SIT-এ আদালতত অভিযোগনামা দাখিল কৰাত বাধাৰ সন্মুখীন নহয়।”  গুপ্তাই লগতে কয় যে কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে এই গোচৰত বিএনএছএছৰ ২০৮ ধাৰা প্ৰয়োগ কৰা হৈছে। তেওঁ কয়, “এছ আই টিয়ে ১০ ডিচেম্বৰৰ ভিতৰত সকলো অভিযুক্তৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰাৰ পথত আগবাঢ়িছে।”