অসমত কিয় নহয় এছ আই আৰ? কাৰণ জনালে মুখ্য নিৰ্বাচন আয়ুক্তই
অসমতো এছ আই আৰ হ'ব বুলি চৰ্চা চলিছিল যদিও নিৰ্বাচন আয়োগে ঘোষণা কৰা অনুসৰি অসমত এতিয়া এছ আই আৰ নহয়। এই সম্পৰ্কে মুখ্য নিৰ্বাচন আয়ুক্তই কয় যে ভাৰতীয় নাগৰিকত্ব আইনত অসমৰ নাগৰিকত্বৰ বাবে পৃথক নিয়ম আছে।
আজি দেশত দ্বিতীয় পৰ্যায়ৰ এছ আই আৰ আৰম্ভ কৰাৰ কথা সংবাদমেলযোগে ঘোষণা কৰে মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে। এই সংবাদমেলত তেওঁ ঘোষণা কৰে যে দেশৰ ১২ খন ৰাজ্যত ২৮ অক্টোবৰৰ পৰা আৰম্ভ হ’ব এছ আই আৰ প্ৰক্ৰিয়া। আজি নিশাৰে পৰা এই ৰাজ্য কেইখনৰ ভোটাৰ তালিকা নিশ্চিহ্ন কৰা হ’ব। এছ আই আৰ হ’বলগীয়া ৰাজ্যকেইখন হৈছে আন্দামান আৰু নিকোবৰ, ছত্তীশগড়, গুজৰাট, গোৱা, কেৰালা, লক্ষদ্বীপ, মধ্যপ্ৰদেশ, পুডুচেৰী, ৰাজস্থান, তামিলনাডু, উত্তৰ প্ৰদেশ আৰু পশ্চিম বংগ।
অসমতো এছ আই আৰ হ’ব বুলি চৰ্চা চলিছিল যদিও নিৰ্বাচন আয়োগে ঘোষণা কৰা অনুসৰি অসমত এতিয়া এছ আই আৰ নহয়। এই সম্পৰ্কে মুখ্য নিৰ্বাচন আয়ুক্তই কয় যে ভাৰতীয় নাগৰিকত্ব আইনত অসমৰ নাগৰিকত্বৰ বাবে পৃথক নিয়ম আছে। উচ্চতম ন্যায়ালয়ৰ নীৰিক্ষণত অসমত নাগৰিকত্ব পৰীক্ষণৰ কাম চলি আছে। ২৪ জুনত এছ আই আৰৰ যি নিৰ্দেশ সমগ্ৰ ভাৰতৰ বাবে দিয়া হৈছিল, সেয়া অসমৰ ক্ষেত্ৰত প্ৰযোজ্য কৰা নহয়। পৰৱৰ্তী সময়ত অসমৰ বাবে পৃথক নিৰ্দেশ দিয়া হ’ব।
