শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
কুমাৰ ছানুৰ প্ৰাক্তন পত্নীৰ বিৰুদ্ধে আইনী ব্যৱস্থা

কুমাৰ ছানুৰ প্ৰাক্তন পত্নীৰ বিৰুদ্ধে আইনী ব্যৱস্থা

barasha-misra
Barasha Misra | Published: 03 Oct 2025 22:11 PM

আমি এনে মিছা কথাৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰিম।" তেওঁ লগতে কয়, "কোনো ব্যক্তি বা সংবাদ মাধ্যমৰ অধিকাৰ নাই কোনো পৰিয়ালৰ সন্মান আৰু মৰ্যাদাৰ ক্ষতি কৰা চাঞ্চল্যকৰ বাতৰি সৃষ্টি কৰাৰ । আমি ইয়াক একেবাৰেই মানি নলওঁ।"

জনপ্ৰিয় কণ্ঠশিল্পী কুমাৰ ছানুৱে তেওঁৰ প্ৰাক্তন পত্নীৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিছে। শেহতীয়াকৈ কণ্ঠশিল্পীগৰাকীৰ প্ৰাক্তন পত্নী ৰীতা ভট্টাচাৰ্যই উত্থাপন কৰা অভিযোগৰ পৰিপ্ৰেক্ষিতত কণ্ঠশিল্পীগৰাকীয়ে আইনী ব্যৱস্থা গ্ৰহণ কৰিছে। শেহতীয়াকৈ ৰীতাই এক সাক্ষাৎকাৰত দাবী কৰিছিল যে কুমাৰ ছানু আৰু তেওঁৰ পৰিয়ালে তেওঁক গৰ্ভাৱস্থাত প্ৰয়োজনীয় খাদ্য আৰু চিকিৎসাৰ পৰা বঞ্চিত কৰিছিল। কিন্তু এই সকলোবোৰ অভিযোগ ভিত্তিহীন বুলি দাবী কৰিছে কণ্ঠশিল্পীগৰাকীয়ে। যাৰ বাবে তেওঁ ৰীতালৈ আইনী জাননী প্ৰেৰণ কৰিছে।

কুমাৰ ছানুৰ অধিবক্তা ছানা ৰইছ খানে এক বিবৃতিত কয় যে, “কুমাৰ ছানুৱে চাৰি দশকৰো অধিক সময় নিজৰ গীতৰ জৰিয়তে মানুহক মনোৰঞ্জন দি আহিছে। এনে এজন শিল্পীক বদনাম কৰাটো দুৰ্ভাগ্যজনক। আমি এনে মিছা কথাৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰিম।” তেওঁ লগতে কয়, “কোনো ব্যক্তি বা সংবাদ মাধ্যমৰ অধিকাৰ নাই কোনো পৰিয়ালৰ সন্মান আৰু মৰ্যাদাৰ ক্ষতি কৰা চাঞ্চল্যকৰ বাতৰি সৃষ্টি কৰাৰ । আমি ইয়াক একেবাৰেই মানি নলওঁ।”