শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
কেনে আছিল পূৰ্বৰ বাংলাদেশ! ইউনুছ প্ৰশাসনক সোঁৱৰালে হাছিনাই

কেনে আছিল পূৰ্বৰ বাংলাদেশ! ইউনুছ প্ৰশাসনক সোঁৱৰালে হাছিনাই

monjit-dutta
Monjit Dutta | Updated On: 26 Dec 2025 23:39 PM

ইউনুছ প্ৰশাসনক শেহতীয়া এই ঘটনাৰাজিৰ বাবে কঠোৰ ভাষাৰে সমালোচনা কৰিছে দেশখনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই। কেৱল ইমানেই নহয়, ইউনুছ প্ৰশাসনক বাংলাদেশৰ ইতিহাস আৰু প্ৰকৃত চৰিত্ৰও সোঁৱৰাই দিছে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে।

চুবুৰীয়া বাংলাদেশত এতিয়া উত্তেজনাৰ অগ্নি। হিংসাত্মক পৰিস্থিতিয়ে বাৰুকৈয়ে জোকাৰি গৈছে দেশখন। শেহতীয়া এই উত্তেজনাৰ সময়ছোৱাত বাংলাদেশত সংখ্যালঘু হিন্দুসকলৰ ওপৰত চলিছে আতিশয্য। ইজনৰ পিছত সিজনকৈ হিন্দু ধৰ্মীয় লোক বাংলাদেশত হত্যাৰ বলি হোৱাৰ খবৰ পোহৰলৈ আহিছে। এনে পৰিস্থিতিত ভাৰততো সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। দেশখনৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী মহম্মদ ইউনুছে এনে ঘটনাৰ বাবে দুখ প্ৰকাশ কৰা পৰিলক্ষিত হৈছে।

পিছে ইউনুছ প্ৰশাসনক শেহতীয়া এই ঘটনাৰাজিৰ বাবে কঠোৰ ভাষাৰে সমালোচনা কৰিছে দেশখনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই। কেৱল ইমানেই নহয়, ইউনুছ প্ৰশাসনক বাংলাদেশৰ ইতিহাস আৰু প্ৰকৃত চৰিত্ৰও সোঁৱৰাই দিছে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে। বৰদিনৰ সময়তে হাছিনাই এক বাৰ্তা প্ৰেৰণ কৰি দেশৰ জনসাধাৰণক সম্বোধন কৰাৰ লগতে ইউনুছ প্ৰশাসনক নিন্দা কৰিছে। কি কৈছে শ্বেখ হাছিনাই? এইবিষয়ে জানিবলৈ চাওক ভিডিঅ’…