শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
শ্বেয়াৰ বজাৰত আজি কোনে দেখিল উত্থানৰ মুখ, কাৰ ঘটিল পতন? চাওক শ্বেয়াৰ বজাৰৰ খবৰ

শ্বেয়াৰ বজাৰত আজি কোনে দেখিল উত্থানৰ মুখ, কাৰ ঘটিল পতন? চাওক শ্বেয়াৰ বজাৰৰ খবৰ

Monjit Dutta
Monjit Dutta | Published: 28 Feb 2025 22:07 PM

আজি পুনৰ নিম্নগামী হয় ভাৰতীয় শ্বেয়াৰ বজাৰৰ সূচকাংক বিএছই ছেনছেক্স। ইয়াৰ সমান্তৰালকৈ নিম্নগামী হয় নিফটি ফিফটিও। আজি ভাৰতীয় বজাৰৰ একাধিক কোম্পানীৰ শ্বেয়াৰৰ দাম নিম্নগামী হৈছে।

বিগত দুটা দিনত সামান্য আশাৰ পোহৰ দেখুৱাইছিল শ্বেয়াৰ বজাৰ। কিন্তু আজি পুনৰ নিম্নগামী হয় ভাৰতীয় শ্বেয়াৰ বজাৰৰ সূচকাংক বিএছই ছেনছেক্স। ইয়াৰ সমান্তৰালকৈ নিম্নগামী হয় নিফটি ফিফটিও। আজি ভাৰতীয় বজাৰৰ একাধিক কোম্পানীৰ শ্বেয়াৰৰ দাম নিম্নগামী হৈছে। ক্ৰমাগতভাৱে নিম্নগামী হৈছে বন্ধন বেংক, টাটা মটৰ্ছ, কোটাক মহিন্দ্ৰা বেংক, ছানোফি ইণ্ডিয়া, আৰভিএনএল। আজি কোনো কোম্পানীয়ে উচ্চ চাৰ্কিট স্পৰ্শ কৰা নাই যদিও জিন্দাল ওৱৰ্ল্ডৱাইডৰ শ্বেয়াৰৰ দাম সৰ্বোচ্চ ১৯.৯৪ শতাংশ বৃদ্ধি পায়। তদুপৰি হোম ফাৰ্ষ্ট ফাইনেন্স কোম্পানী, মহেশ্বৰী লজিষ্টিক, ইকিঅ’ লাইটিং, গোকোল ৰিফলিছ এণ্ড ছলভেন্টৰ শ্বেয়াৰৰ দাম বৃদ্ধি পায়।