শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
Share Market News: ৬ ফেব্ৰুৱাৰীৰ শ্বেয়াৰ বজাৰৰ খবৰৰ সবিশেষ চাওক

Share Market News: ৬ ফেব্ৰুৱাৰীৰ শ্বেয়াৰ বজাৰৰ খবৰৰ সবিশেষ চাওক

monjit-dutta
Monjit Dutta | Published: 06 Feb 2025 20:43 PM

আজি ৬ ফেব্ৰুৱাৰী। ভাৰতৰ শ্বেয়াৰ বজাৰত আজি নিফ্টি ফিফ্টি প্ৰায় ৯২ পইণ্ট হ্ৰাস পায়। কালি ওপৰৰ চাৰ্কিট স্পৰ্শ কৰাৰ পিছত আজি মহানগৰ টেলিফোন নিগম লিমিটেডৰ মূল্য হ্ৰাস পাইছে প্ৰায় ৯.৭৭ শতাংশ। টাটা মাৰ্কেটিং কোম্পানী ট্ৰেণ্টৰ পৰিচালনা সমিতিয়ে মাছিমো দুট্টি ইণ্ডিয়াৰ প্ৰায় ১,৭৫,৪৫০ টা ইকুইটি শ্বেয়াৰ বিক্ৰীৰ বাবে অনুমোদন জনাইছে।

আজি ৬ ফেব্ৰুৱাৰী। ভাৰতৰ শ্বেয়াৰ বজাৰত আজি নিফ্টি ফিফ্টি প্ৰায় ৯২ পইণ্ট হ্ৰাস পায়। কালি ওপৰৰ চাৰ্কিট স্পৰ্শ কৰাৰ পিছত আজি মহানগৰ টেলিফোন নিগম লিমিটেডৰ মূল্য হ্ৰাস পাইছে প্ৰায় ৯.৭৭ শতাংশ। টাটা মাৰ্কেটিং কোম্পানী ট্ৰেণ্টৰ পৰিচালনা সমিতিয়ে মাছিমো দুট্টি ইণ্ডিয়াৰ প্ৰায় ১,৭৫,৪৫০ টা ইকুইটি শ্বেয়াৰ বিক্ৰীৰ বাবে অনুমোদন জনাইছে। ফলত কোম্পানীটোত ট্ৰেণ্টৰ অংশীদাৰিত্ব ৪৯ শতাংশৰ পৰা ২০ শতাংশলৈ হ্ৰাস পাইছে। আৰু তাৰ পিছত আজি ট্ৰেণ্ট প্ৰায় ৮.৩৮ শতাংশ হ্ৰাস পায়।

আজি সৰ্বাধিক ২০ শতাংশ বৃদ্ধি পাইছে কিনোট ফাইনেন্সিয়েল চাৰ্ভিচেছ। ইয়াৰ উপৰিও আছিমা লিমিটেড, গ্লেক্সোস্মিথকাইন ফাৰ্মাচিউটিকেল, ভিমটা লেবছ আৰু নন্দন ডেনিমৰ শ্বেয়াৰৰ মূল্যও বৃদ্ধি পাইছে। কালি আপাৰ চাৰ্কিটত স্পৰ্শ কৰাৰ পিছত আজি হ্ৰাস পায় এমটিএনএলৰ শ্বেয়াৰৰ মূল্য। আজি শিৱলিক কেমিকেলৰ সৰ্বাধিক শতাংশ ১৩.৯৫% মূল্য হ্ৰাস পায়। ইয়াৰ উপৰিও এক্সিকম টেলি চিষ্টেমছ, ৰাজশ্ৰী প’লিপেক আৰু ট্ৰেণ্টৰ শ্বেয়াৰৰ মূল্যও হ্ৰাস পাইছে।