শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
আজিৰ শ্বেয়াৰ বজাৰৰ খবৰঃ বজাৰত আজি কাৰ হ’ল উত্থান, কাৰ ঘটিল পতন?

আজিৰ শ্বেয়াৰ বজাৰৰ খবৰঃ বজাৰত আজি কাৰ হ’ল উত্থান, কাৰ ঘটিল পতন?

monjit-dutta
Monjit Dutta | Published: 13 Feb 2025 23:22 PM

শ্বেয়াৰ বজাৰত আজি ভিআইপি ইণ্ডাষ্ট্ৰীজ, হিৰো মট’ কৰ্প, আৰু ডিএলএফ ইত্যাদি কেইবাটাও কোম্পানীয়ে ৫২ সপ্তাহৰ ভিতৰত নিম্নতম স্তৰত উপনীত হৈছে। অৱশ্যে ইয়াৰ মাজতো মুথুট ফাইনেন্স, এছ বি আই কাৰ্ড, কোটাক মহিন্দ্ৰা বেংক, আৰু শ্ৰী চিমেণ্টে ৫২ সপ্তাহৰ ভিতৰত উচ্চতম স্তৰত উপনীত হয়।

আজি ১৩ ফেব্ৰুৱাৰী। আজি প্ৰাৰম্ভিক অৱস্থাত নিফটি হ্ৰাস পালেও পিছলৈ নিফটিৰ উত্থান হোৱা পৰিলক্ষিত হয়। কিন্তু বজাৰ বন্ধ হোৱাৰ সময়লৈ নিফটি ১৩ পইণ্ট হ্ৰাস পাই ২৩,০৩১ পইণ্টত উপনীত হয়। নিফটি হ্ৰাসৰ এই প্ৰভাৱ বহু কোম্পানীৰ ওপৰত পৰিছে আৰু ইয়াৰ ফলত ভিআইপি ইণ্ডাষ্ট্ৰীজ, হিৰো মট’ কৰ্প, আৰু ডিএলএফ ইত্যাদি কেইবাটাও কোম্পানীয়ে ৫২ সপ্তাহৰ ভিতৰত নিম্নতম স্তৰত উপনীত হৈছে। অৱশ্যে ইয়াৰ মাজতো মুথুট ফাইনেন্স, এছ বি আই কাৰ্ড, কোটাক মহিন্দ্ৰা বেংক, আৰু শ্ৰী চিমেণ্টে ৫২ সপ্তাহৰ ভিতৰত উচ্চতম স্তৰত উপনীত হয়।

ইফালে বজাৰত আজি কোটাক মহিন্দ্ৰা বেংকে ইতিবাচক ফল লাভ কৰিছে। যোৱা ১ মাহত কোটাক মহিন্দ্ৰা বেংকৰ শ্বেয়াৰ ১২.৩০ শতাংশ বৃদ্ধি পাইছে। যোৱা ১৮ জানুৱাৰীত প্ৰকাশ কৰা ত্ৰিমাসিক ফলাফলত কোম্পানীটোৰ ৰাজহ, লাভ সকলো বৃদ্ধি পোৱা দেখা গৈছে।