শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
বিশ্বৰ ধনী অভিনেতাৰ তালিকাত শ্বাহৰুখ খানৰ নাম...

বিশ্বৰ ধনী অভিনেতাৰ তালিকাত শ্বাহৰুখ খানৰ নাম…

barasha-sarma
Barasha Sarma | Published: 03 Oct 2025 15:08 PM

Shahrukh khan: বলীউডৰ কিং খানে এইবাৰ স্থান পাইছে কোটিপতিৰ তালিকাত। বিশ্বৰ ধনী অভিনেতাৰ তালিকাত নাম আছে শ্বাহৰুখ খানৰ। তেওঁৰ সম্পত্তি ১ বিলিয়ন ডলাৰ অতিক্ৰয় কৰিছে।

বিলিয়ন ক্লাবত প্ৰৱেশ কৰিবলৈ সক্ষম হৈছে শ্বাহৰুখ খান। তেওঁৰ সম্পত্তি ১ বিলিয়ন ডলাৰ অতিক্ৰম কৰিছে। ৩৩ বছৰ ধৰি চলচ্চিত্ৰ জগতত শাসন কৰি অহা শ্বাহৰুখ খান কেৱল ভাৰতৰেই নহয়, বিশ্বৰ ভিতৰতে ধনী অভিনেতা হিচাপে পৰিগণিত হৈছে। বৰ্তমান তেওঁৰ সম্পত্তি ১.৪ বিলিয়ন ডলাৰ। ভাৰতীয় টকাৰ হিচাপত ইয়াৰ পৰিমাণ ১২,৪৯০ কোটি।  এই তথ্য ১ অক্টোবৰত হুৰুণ ইণ্ডিয়া ৰিচ লিষ্ট ২০২৫ ত প্ৰকাশ পায়।

এই তালিকাত শ্বাহৰুখ খানে টেইলৰ চুইফট (১.৩ বিলিয়ন ডলাৰ), আৰ্নল্ড শ্ব’ৱাৰ্জেনেগাৰ আৰু জেৰী ছেইনফেল্ড (১.২ বিলিয়ন ডলাৰকৈ), চেলিনা গোমেজ (৭২০ মিলিয়ন ডলাৰ)ৰ দৰে বিশ্ববিখ্যাত তাৰকাক পাৰ কৰি  আগুৱাই গৈছে।  খানৰ পাছতে জুহি চাওলা আৰু তেওঁৰ পৰিয়ালৰ ৭,৭৯০ কোটি টকা, হৃতিক ৰোশনৰ ২,১৬০ কোটি, কৰণ জোহৰৰ ১,৮৮০ কোটি টকা আৰু অমিতাভ বচ্চনৰ ১,৬৩০ কোটি টকাৰ সৈতে বলীউডৰ সবাতোকৈ ধনী অভিনেতা-অভিনেত্ৰীৰ ব্যক্তিৰ তালিকাত আছে।

অৱশ্যে কেৱল ছবিৰ পৰাই শ্বাহৰুখে এই উপাৰ্জন কৰা নাই। তেওঁৰ প্ৰডাকচন কোম্পানী ৰেড চিলিজ এণ্টাৰটেইনমেণ্ট, ভিএফএক্স ষ্টুডিঅ’, আইপিএল ফ্ৰেঞ্চাইজি কলকাতা নাইট ৰাইডাৰ্ছ, আন্তঃৰাষ্ট্ৰীয় বিজ্ঞাপনৰ চুক্তি আৰু ডুবাইকে ধৰি বিদেশত কেইবাটাও ৰিয়েল এষ্টেট বিনিয়োগ কৰি তেওঁ এই উপাৰ্জন কৰিছে।