শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
Saraswati Puja 2025: ৰাজ্যৰ চৌদিশে চলিছে সৰস্বতীৰ পূজাৰ প্ৰস্তুতি, বাগদেৱীক পূজা কৰাৰ নিয়ম কি?

Saraswati Puja 2025: ৰাজ্যৰ চৌদিশে চলিছে সৰস্বতীৰ পূজাৰ প্ৰস্তুতি, বাগদেৱীক পূজা কৰাৰ নিয়ম কি?

trishna-kalita
Trishna Kalita | Published: 31 Jan 2025 21:01 PM

সৰস্বতী পূজালৈ মাজত মাঁথো ২টা দিন বাকী আছে। হিন্দু বৰ্ষপঞ্জী অনুসৰি, মাঘ মাহৰ শুক্ল পক্ষৰ পঞ্চমী তিথি ২ ফেব্ৰুৱাৰীৰ পুৱা ৯:১৪ বজাত আৰম্ভ হ’ব। এই তিথি পিছদিনা, ফেব্ৰুৱাৰী ৩ তাৰিখে পুৱা ৬:৫২ বজাত সমাপ্ত হ’ব।

ৰাজ্যৰ ভিন্ন প্ৰান্তত চলিছে বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজাৰ ব্য়াপক প্ৰস্তুতি। বাগদেৱী বীণাপাণিৰ বন্দনাৰে মুখৰিত হ’ব প্ৰতিখন শিক্ষানুষ্ঠান। বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতীৰ শ্ৰীচৰণত সেৱা লৈ নিজৰ শিক্ষা জীৱনৰ সফলতাৰ বাবে প্ৰাৰ্থনা জনাব শিক্ষাৰ্থীসকলে। বিশ্বাস আছে যে, এই দিনটোত সম্পূৰ্ণ ৰীতি-নীতিৰে মা সৰস্বতীক উপাসনা কৰিলে বুদ্ধিৰ বিকাশ হয়, লগতে পৰিয়ালৰ সুখ-সমৃদ্ধি নিশ্চিত হয়। ছাত্ৰ-ছাত্ৰীসকলৰ লগতে ব্যস্ততাৰ অন্ত নাই মৃৎ শিল্পীসকলৰো। সৰস্বতীৰ মৃন্ময় মূৰ্তিত শেষ পৰশ দিয়াত ব্যস্ত হৈ পৰিছে মৃৎ শিল্পীসকল। হিন্দু বৰ্ষপঞ্জী অনুসৰি, মাঘ মাহৰ শুক্ল পক্ষৰ পঞ্চমী তিথি ২ ফেব্ৰুৱাৰীৰ পুৱা ৯:১৪ বজাত আৰম্ভ হ’ব। এই তিথি পিছদিনা, ফেব্ৰুৱাৰী ৩ তাৰিখে পুৱা ৬:৫২ বজাত সমাপ্ত হ’ব। এই দিনটো বিশেষকৈ সাজ-পোছাক আৰু দেৱীৰ পূজাক প্ৰাধান্য দিয়া হয়। ছাত্ৰ-ছাত্ৰীসকলে সুন্দৰকৈ সাজপাৰ পিন্ধি পূজাত তাত অংশগ্ৰহণ কৰে।