নতুনকৈ ‘সুদৰ্শন চক্ৰ’ ক্ৰয় কৰিছে নেকি ভাৰতে? ৰাছিয়াৰ ৰাষ্ট্ৰদূতে দিলে বিশেষ ইংগিত…

| Edited By: Barasha Sarma

May 29, 2025 | 7:41 PM

পহলগাম সন্ত্ৰাসবাদী আক্ৰমণক গৰিহণা দি ৰাছিয়াৰ ৰাষ্ট্ৰদূত ডেনিছ আলিপভে কয় যে, “২২ এপ্ৰিলত সংঘটিত হোৱা আক্ৰমণটো অতি জঘন্য অপৰাধ। সমগ্ৰ বিশ্বতে ইয়াক গৰিহণা দিয়া হৈছে। ৰাষ্ট্ৰপতি পুটিনেও এই আক্ৰমণৰ খবৰ পোৱাৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক এক বিশেষ বাৰ্তা প্ৰদান কৰি তেওঁৰ সহানুভূতি প্ৰকাশ কৰিছে।”

ভাৰতৰ পক্ষতে আছে ৰাছিয়া। ৰাছিয়াৰ ৰাষ্ট্ৰদূতৰ কণ্ঠত শুনা গ’ল অপাৰেশ্যন সেন্দূৰৰ সফলতাৰ জয়গান । এই সন্দৰ্ভত ভাৰতত ৰাছিয়াৰ ৰাষ্ট্ৰদূত ডেনিছ আলিপভে কয়, “প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দক্ষতাক লৈ বিশ্বজুৰি কাৰোবান মনত সন্দেহ আছে বুলি মই নাভাবো” । ৰাছিয়াৰ ৰাষ্ট্ৰদূতে কয়, “প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দক্ষতাক লৈ কাৰো সন্দেহ নাই। তেওঁৰ শক্তিশালী নেতৃত্বই দেশখনক বিশ্বব্যাপী দক্ষতাৰ দিশত আগুৱাই লৈ গৈছে।”

পহলগাম সন্ত্ৰাসবাদী আক্ৰমণক গৰিহণা দি ৰাছিয়াৰ ৰাষ্ট্ৰদূত ডেনিছ আলিপভে কয় যে, “২২ এপ্ৰিলত সংঘটিত হোৱা আক্ৰমণটো অতি জঘন্য অপৰাধ। সমগ্ৰ বিশ্বতে ইয়াক গৰিহণা দিয়া হৈছে। ৰাষ্ট্ৰপতি পুটিনেও এই আক্ৰমণৰ খবৰ পোৱাৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক এক বিশেষ বাৰ্তা প্ৰদান কৰি তেওঁৰ সহানুভূতি প্ৰকাশ কৰিছে।” লগতে তেওঁ কয়, “দোষীক চিনাক্ত কৰি উচিত শাস্তি দিব লাগে। ভাৰতে তেনেকুৱাই কৰিছে। আমি সদায় কৈ আহিছো যে সন্ত্ৰাসবাদৰ বিৰুদ্ধে আন কোনো ব্যৱস্থা থাকিব নোৱাৰে।”