শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
কি প্ৰভাৱ পৰিব জনতাৰ ওপৰত? ডলাৰৰ বিপৰীতে টকাৰ মূল্য ৯১...

কি প্ৰভাৱ পৰিব জনতাৰ ওপৰত? ডলাৰৰ বিপৰীতে টকাৰ মূল্য ৯১…

Barasha Sarma
Barasha Sarma | Published: 25 Dec 2025 19:04 PM

ট্ৰাম্পৰ শুল্ক আৰোপৰ পাছতেই প্ৰভাৱিত হৈছে ভাৰতীয় অৰ্থনীতি। বুধবাৰে ডলাৰৰ মূল্যই ৯১ টকা পৰ্যন্ত স্পৰ্শ কৰে। ইয়াৰ ফলত এছিয়াৰ ভিতৰতে দুৰ্বল মুদ্ৰা হিচাপে টকা পৰিগণিত হয়।

যোৱা সময়চোৱাত ভাৰতীয় টকাৰ মূল্যত যথেষ্ঠ অৱনতি ঘটিছে। ডলাৰৰ বিপৰীতে ভাৰতীয় টকাৰ মূল্য হৈছেগৈ ৯১। বুধবাৰে ডলাৰে টকাৰ এই সীমা স্পৰ্শ কৰে। ইয়াৰ লগে লগে এছিয়াৰ ভিতৰত সবাতোকৈ দুৰ্বল মুদ্ৰা ৰূপে পৰিগণিত হয় টকা। উল্লেখ্য যে, ট্ৰাম্পে ভাৰতৰ ওপৰত ৫০ শতাংশ শুল্ক আৰোপ কৰিছে। এই শুল্কই ভাৰতীয় অৰ্থনীতিক যথেষ্ঠ প্ৰভাৱিত কৰিছে আৰু ক্ষতিগ্ৰস্তও হৈছে। শুল্ক আৰোপৰ ফলত আমেৰিকাত ভাৰতীয় সামগ্ৰীৰ দাম বৃদ্ধি পাইছে। এনে অৱস্থাত বিক্ৰী কম হৈছে আৰু ৰপ্তানি হ্ৰাস পাইছে।

যাৰ প্ৰভাৱ ভাৰতীয় টকাৰ ওপৰত পৰা দেখা যায়। ইয়ে নিশ্চয়কৈ জনতাৰ ওপৰতো প্ৰভাৱ পেলাব পাৰে। ভাৰতত বহু শ্ৰমিকে জীৱিকা হেৰুওৱাৰ সম্ভাৱনা আছে। গতিকে পৰৱৰ্তী সময়ত চৰকাৰে কি ব্যৱস্থা লয় সেয়া হ’ব লক্ষণীয়।

সবিশেষৰ বাবে চাওক এই ভিডিঅ’…