আচৰিত! ATMত ১০০ টকাৰ পৰিৱৰ্তে ওলাল ৫০০ টকীয়া নোট, কিন্তু কেনেকৈ?

| Edited By: Monjit Dutta

May 30, 2025 | 12:17 AM

আপুনি এটিএমত ৪০০ টকা উলিয়াবলৈ গ’ল, কিন্তু ৪০০ৰ পৰিৱৰ্তে যদি ৫০০ টকীয়া নোট ওলাই আহে? তেতিয়া আপোনাৰ কেনেকুৱা লাগিব? পিছে উত্তৰ-পূব দিল্লীৰ এটিএমত তেনেকুৱাই হৈছিল। এই সুবিধা লৈ ৮ লাখ টকা পৰ্যন্ত চুৰি কৰে।

উত্তৰ-পূব দিল্লীৰ হৰ্ষ বিহাৰ অঞ্চলত সংঘটিত হৈছে এই এটিএম জালিয়াতিৰ ঘটনা। এটিএমত ধন ভৰোৱাৰ সময়ত সংঘটিত এই জালিয়াতি। এটিএমত টকা লোড কৰাৰ সময়ত ১০০ টকীয়া নোটৰ ট্ৰেত ৫০০ টকীয়া ২০০০ খন নোট ৰাখিলে, আৰু ৫০০ টকীয়া নোটৰ ট্ৰেত ১০০ টকা ৰখা হয়। এনেদৰে সালসলনি কৰি নোট আটাইকেইখন নোট থোৱা হ’ল। ইয়াৰ পিছত এই ট্ৰেখন অলপ টানি উলিয়াই দিয়ে, যাতে ৫০০ টকীয়া ট্ৰেত ৰখা ১০০ টকীয়া নোটবোৰ থাকি যায় আৰু ওলাই আহিব নোৱাৰে।

অভিযোগ অনুসৰি কৰ্মচাৰী দুজনৰ ১১২ গৰাকী চিনাকি ব্যক্তিয়ে ইয়াৰ সুযোগ লৈ অতিৰিক্ত ৮ লাখ টকা উলিয়ালে। আৰক্ষীয়ে জনোৱা মতে, এটিএমত পইচা ভৰোৱা কোম্পানীয়ে যোৱা ২৯ এপ্ৰিলত কৰ্মচাৰী দুজনক ৩১ লাখ টকা প্ৰেৰণ কৰিছিল। ১ মে’ত কোম্পানীটোৰ এজন কৰ্মচাৰীয়ে নগদ ধন লোডিং আৰু অডিট কৰিবলৈ এটিএমলৈ যোৱাৰ সময়তে এই জালিয়াতিৰ কথা পোহৰলৈ আহে।