ICC আৰু PFRDAৰ উদ্যোগত যোৰহাটত “ৰিটায়াৰ স্মাৰ্ট ইণ্ডিয়া” NPSৰ সজাগতা কাৰ্যসূচী
বৰ্তমান PFRDA-য়ে ৯ কোটিৰ অধিক গ্ৰাহকক সেৱা প্রদান কৰি ১৬.৪ লাখ কোটি টকা পৰিমাণৰ সম্পত্তি (AUM) পৰিচালনা কৰিছে। ৰামনন-এ NPS-ৰ নতুন সংস্কাৰসমূহো বাখ্যা কৰি কয় যেস এই পেঞ্চন নীতিত প্ৰবেশ বয়স বৃদ্ধি (৭০ বছৰলৈ), উত্তোলন বিধি সহজীকৰণ, বিন্যাসবদ্ধ ভাট্টা-পদ্ধতি, Alternative Investment Fund (AIF)-লৈ ব্যৱহাৰৰ সুযােগ, আৰু উন্নত ডিজিটেল প্ৰক্ৰিয়া আদি কৰা হৈছে।
ভাৰতীয় বাণিজ্য মহাসভা (ICC) আৰু পেঞ্চন তহবিল নিয়ন্ত্ৰণ আৰু উন্নয়ন কৰ্তৃপক্ষ (PFRDA)-ৰ যৌথ উদ্যোগত যোৰহাটৰ হোটেল ক্লাবৱে গ্ৰেণ্ডত “ৰিটায়াৰ স্মাৰ্ট ইণ্ডিয়া” ৰাষ্ট্ৰীয় পেঞ্চন প্ৰণালী (NPS)ৰ এক সজাগতা অনুষ্ঠান অনুষ্ঠিত হয়। এই কার্যসূচীৰ মূল উদ্দেশ্য আছিল অবসৰৰ পাচৰ আয় পৰিকল্পনা সম্পৰ্কে সচেতনতা বৃদ্ধি কৰা আৰু দেশৰ পেঞ্চন ব্যৱস্থাত অধিক নাগৰিকক যুক্ত কৰা।
ICC-ৰ প্ৰতিনিধিসকলক আদৰণি জনাই অনুষ্ঠানটোৰ শুভাৰম্ভ কৰা হয় । ইয়াৰ পিছতেই PFRDA-ৰ সভাপতি শিৱসূব্ৰমণিয়ান ৰামনন-এ মুখ্য বক্তৃতা প্ৰদান কৰে। তেওঁৰ বক্তব্যত দেশৰ দ্ৰুত পৰিৱর্তনশীল পেঞ্চন ক্ষেত্ৰৰ উল্লেখ কৰি কয় যে NPS এ বৰ্তমান এক ফ্লেক্সিবল, সম্পূৰ্ণ ডিজিটেল আৰু বজাৰ-সংযুক্ত অবসৰৰ পিচৰ সুৰক্ষা সমাধান হিচাপে গঢ় লৈ উঠিছে।
বৰ্তমান PFRDA-য়ে ৯ কোটিৰ অধিক গ্ৰাহকক সেৱা প্রদান কৰি ১৬.৪ লাখ কোটি টকা পৰিমাণৰ সম্পত্তি (AUM) পৰিচালনা কৰিছে। ৰামনন-এ NPS-ৰ নতুন সংস্কাৰসমূহো বাখ্যা কৰি কয় যেস এই পেঞ্চন নীতিত প্ৰবেশ বয়স বৃদ্ধি (৭০ বছৰলৈ), উত্তোলন বিধি সহজীকৰণ, বিন্যাসবদ্ধ ভাট্টা-পদ্ধতি, Alternative Investment Fund (AIF)-লৈ ব্যৱহাৰৰ সুযােগ, আৰু উন্নত ডিজিটেল প্ৰক্ৰিয়া আদি কৰা হৈছে। এই সংস্কাৰসমূহে গিগ- কৰ্মী, MSME ক্ষেত্র, কৃষক, মহিলা আৰু প্ৰতিষ্ঠান-ভিত্তিক কৰ্মচাৰীৰ অন্তৰ্ভুক্তি উন্নত কৰি ২০৪৭ চনৰ ভিতৰত “পেঞ্চনযুক্ত ভাৰত” গঢ়ি তোলাৰ এক দৃষ্টিভংগী আগবঢ়াইছে।
কাৰ্যসূচীৰ সময়ত PFRDA-ৰ অধিকাৰীয়ে NPS-ৰ বৈশিষ্ট্য আৰু লাভসমূহ ব্যক্তিগত স্তৰ আৰু প্ৰতিষ্ঠানিক দুয়ো ক্ষেত্ৰতে বিস্তৃতভাৱে ব্যাখ্যা কৰে। ICAI-ৰ CA গৌৰৱ জৈন-এ NPS-ৰ সুবিধা সম্বন্ধে বিস্তৃত আলোচনাৰে অংশগ্ৰহণকাৰীৰ উৎসাহ বৃদ্ধি কৰে।
