শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
RBI Guidelines on Indian Currency: এই তিনিটা নোট বন্ধ কৰাৰ সিদ্ধান্ত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ

RBI Guidelines on Indian Currency: এই তিনিটা নোট বন্ধ কৰাৰ সিদ্ধান্ত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ

Manas Borah
Manas Borah | Published: 07 Jun 2025 20:11 PM

ছপা ধনৰ ব্যয় হ্ৰাস কৰাৰ বাবে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ভাৰতীয় ৰিজাৰ্ভ বেংকে । কেৱল ২০০০ টকীয়াই নহয়, ৫ টকা আৰু ২ টকীয়া নোটৰ ছপাও বন্ধ কৰিব ৰিজাৰ্ভ বেংকে । হঠাতে এই সিদ্ধান্ত কিয় ল’লে ৰিজাৰ্ভ বেংকে ?

বজাৰত একেবাৰে নোহোৱা হৈ পৰিব ২০০০ টকীয়া নোট । ছপা ধনৰ ব্যয় হ্ৰাস কৰাৰ বাবে এই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ভাৰতীয় ৰিজাৰ্ভ বেংকে । কেৱল ২০০০ টকীয়াই নহয়, ৫ টকা আৰু ২ টকীয়া নোটৰ ছপাও বন্ধ কৰিব ৰিজাৰ্ভ বেংকে । হঠাতে এই সিদ্ধান্ত কিয় ল’লে ৰিজাৰ্ভ বেংকে ?

২০১৬ চনত বিমুদ্ৰাকৰণৰ সাক্ষী হৈছিল দেশবাসী। ৫০০ আৰু ১০০০ টকীয়া পুৰণি নোট বিনিময়ৰ বাবে বেংকৰ বাহিৰত দেখা গৈছিল দীঘলীয়া শাৰী। বিমুদ্ৰাকৰণৰ প্ৰথম অৱস্থাত ৰিজাৰ্ভ বেংকে মুকলি কৰি দিছিল ২০০০ টকীয়া নোট । কিন্তু সেই ২০০০ টকীয়া নোট এতিয়া বন্ধ কৰাৰ সিদ্ধান্ত লৈছে ৰিজাৰ্ভ বেংকে । অৱশ্যে বৰ্তমান সময়ত বজাৰত প্ৰায়ে দেখা পোৱা নাযায় এই ২০০০ টকীয়া নোটটো ।