শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
বাৰিষা আহিলে ভেকুলী ওলাই, নিৰ্বাচন আহিলে বিৰোধিয়ে মৰ্চা গঠন কৰেঃ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস

বাৰিষা আহিলে ভেকুলী ওলাই, নিৰ্বাচন আহিলে বিৰোধিয়ে মৰ্চা গঠন কৰেঃ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস

barasha-sarma
Barasha Sarma | Published: 26 Nov 2025 18:26 PM

Ranjit kumar das: বিৰোধিক কটাক্ষ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস। বিৰোধী দলসমূহক ভেকুলীৰ সৈতে তুলনা কৰে দাসে। তেওঁ কয় যে, ভেকুলীৰ বিয়া পতাৰ দৰে বিৰোধিয়ে মৰ্চা গঠন কৰে।

অসম বিধানসভা নিৰ্বাচন সমাগত। ২০২৬ চনত অসমত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন। ইয়াৰ পূৰ্বে প্ৰস্তুতি আৰম্ভ হৈছে প্ৰতিটো দল-সংগঠনৰ। ইয়াৰ মাজতে মন্ত্ৰী ৰঞ্জিত দাসে বিৰোধিক কটাক্ষ কৰি বিভিন্ন মন্তব্য কৰে। বিৰোধী দলক বাৰিষাৰ ভেকুলীৰ সৈতে তুলনা কৰে মন্ত্ৰী ৰঞ্জিত দাসে। তেওঁ কয় যে, বাৰিষা আহিলে ভেকুলী ওলাই, আৰু নিৰ্বাচন আহিলে বিৰোধিয়ে মৰ্চা গঠন কৰে। তেওঁ কয় যে, নিৰ্বাচনৰ পাছত এই মৰ্চাও শেষ হৈ যাব।

উল্লেখ্য যে, এইবাৰ কংগ্ৰেছৰ সৈতে কেইবাটাও দলে একেলগে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইতিমধ্যে ইযাৰ বাবে কেইবাবাৰো তেওঁলোকে বৈঠকতো মিলিত হৈছে। ইয়াৰ মাজতে বিৰোধিক উদ্দেশ্য কৰি ৰঞ্জিত দাসে এই মন্তব্য কৰে।

সবিশেষৰ বাবে চাওক ভিডিঅ’