শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
ধনেই নহয়, খাদ্যৰ দিশতো উদাৰ প্ৰীতিঃ খেলুৱৈৰ ভোক গুচাই হৈছিল এনে গতি

ধনেই নহয়, খাদ্যৰ দিশতো উদাৰ প্ৰীতিঃ খেলুৱৈৰ ভোক গুচাই হৈছিল এনে গতি

Monjit Dutta
Monjit Dutta | Updated On: 30 Mar 2025 23:59 PM

পঞ্জাব কিংছৰ অধিকাংশ মেচতে প্ৰীতি জিণ্টাক গেলেৰীত দেখা যায়। ক্ৰিকেটাৰসকলৰ বাবে যিদৰে উল্লাস কৰে, তেওঁলোকৰ পছন্দৰ প্ৰতিও তেওঁ যত্ন লয়। আনকি খেলুৱৈৰ ভোক পূৰণ কৰিবলৈ পাকঘৰতো প্ৰৱেশ কৰে স্বত্বাধিকাৰী প্ৰীতি। পঞ্জাৱ কিংছৰ এগৰাকী প্ৰাক্তন ক্ৰিকেটাৰে এই ঘটনাৰ বিষয়ে জানিবলৈ দিছে।

আই পি ফ্ৰেন্সাইজি পঞ্জাৱ কিংছৰ মুৰব্বী হিচাপে প্ৰীতি জিণ্টাৰ ভূমিকা কেনেকুৱা? এই প্ৰশ্নৰ উত্তৰত পঞ্জাৱ কিংছৰ প্ৰাক্তন হওক বা বৰ্তমানৰ প্ৰতিজন খেলুৱৈয়ে হয়তো প্ৰশংসা কৰিব প্ৰীতিক। এগৰাকী অভিনেত্ৰী হিচাপে এনে সফলতা তথা বিফলতাৰ সন্মুখীন হৈ আহিছে প্ৰীতি জিণ্টাও। নিজৰ দলৰ ক্ষেত্ৰতো প্ৰীতিয়ে স্বাভাৱিকভাৱেই গ্ৰহণ কৰে এনে ফল। পঞ্জাব কিংছৰ অধিকাংশ মেচতে প্ৰীতি জিণ্টাক গেলেৰীত দেখা যায়। ক্ৰিকেটাৰসকলৰ বাবে যিদৰে উল্লাস কৰে, তেওঁলোকৰ পছন্দৰ প্ৰতিও তেওঁ যত্ন লয়। আনকি খেলুৱৈৰ ভোক পূৰণ কৰিবলৈ পাকঘৰতো প্ৰৱেশ কৰে স্বত্বাধিকাৰী প্ৰীতি।

পঞ্জাৱ কিংছৰ এগৰাকী প্ৰাক্তন ক্ৰিকেটাৰে এই ঘটনাৰ বিষয়ে জানিবলৈ দিছে। খেলুৱৈগৰাকীয়ে জানিবলৈ দিয়া মতে বলীউডৰ অভিনেত্ৰী তথা পঞ্জাব কিংছৰ স্বত্বাধিকাৰীগৰাকীয়ে নিজ হাতেৰে আলু পৰাঠা বনাই পৰিবেশন কৰিছিল খেলুৱৈসকলক!