আৰক্ষীৰ পৰা জনপ্ৰিয় সংগীত শিল্পীলৈ, প্ৰশান্তৰ সফলতাৰ কাহিনী…
Prashant Tamang: সকলো অনুৰাগীক কন্দুৱাই এই পৃথিৱীৰ পৰা বিদায় মাগে জনপ্ৰিয় গায়ক প্ৰশান্ত তামাঙে। অতি কম সময়ৰ ভিতৰতে তেওঁ যথেষ্ঠ জনপ্ৰিয়তা লাভ কৰিছিল। পিছে ইয়াৰ আঁৰত আছে এক কাহিনী।
ইণ্ডিয়ান আইডল চিজন ৩-ত জয়ী হৈছিল প্ৰশান্ত তামাং। মাত্ৰ এদিনতে তেওঁ সফলতা লাভ কৰা নাছিল। ইয়াৰ আঁৰত আছে এক বিশেষ কাহিনী। দাৰ্জিলিঙৰ এটা সৰু পৰিয়ালৰ প্ৰশান্ত দেশবাসীৰ মাজত জনপ্ৰিয় হৈ পৰিছিল। জানিব পৰা মতে, প্ৰথমে প্ৰশান্তে কলকাতা আৰক্ষীত যোগদান কৰিছিল। কিন্তু পাছলৈ তেওঁ ইণ্ডিয়ান আইডৰ চিজন ৩-ত অংশ গ্ৰহণ কৰিছিল।
কোৱা হয়, সেই সময়ত প্ৰশান্তৰ ওচৰত নাছিল ধন। কিন্তু সতীৰ্থই সহায় কৰি তেওঁ মুম্বাইলৈ পঠিয়াইছিল। পৰৱৰ্তী সময়ত তেওঁ ইণ্ডিয়ান আইডলত জয়ী হৈছিল। সমগ্ৰ দেশতে তেওঁ জনপ্ৰিয়তা লাভ কৰিছিল। তেওঁৰ কণ্ঠই মোহিত কৰিছিল বিভিন্নজনক। পিছে হাৰ্ট এটেকৰ ফলত তেওঁৰ মৃত্যু হয়।
সবিশেষ জানিবলৈ চাওক এই ভিডিঅ’…
Latest Videos
