শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
পদ্মাৰ পাৰলৈ নামিব অন্ধকাৰ, প্ৰতিবাদৰ জোৱাৰত চৌদিশে হাহাকাৰ

পদ্মাৰ পাৰলৈ নামিব অন্ধকাৰ, প্ৰতিবাদৰ জোৱাৰত চৌদিশে হাহাকাৰ

raj-saikia
Raj Saikia | Published: 27 May 2025 17:21 PM

বিগত পাঁচ দিন ধৰি দেশখনৰ বিভিন্ন জিলাৰ পৰা হাজাৰ হাজাৰ পল্লী সমিতিৰ কৰ্মী সমবেত হৈছে ঢাকাৰ কেন্দ্ৰীয় শ্বাহিদ মিনাৰৰ সন্মুখত । সাত দফীয়া দাবীৰ ওপৰত গুৰুত্ব আৰোপ কৰি অব্যাহত আছে তেওঁলোকৰ প্ৰতিবাদ । যাৰ বাবে বিদ্যুৎ সমিতিৰ কাৰ্যালয়ত তলা বন্ধ হৈ আছে ।

ক্ৰমাত অন্ধকাৰ নামিব বাংলাদেশৰ ইখনৰ পিছত সিখন গাঁৱত । যোৱা পাঁচদিন ধৰি পদ্মাৰ পাৰত চলা আন্দোলন দেখি একাংশৰ মনত সৃষ্টি হৈছে এই শংকা । চৰকাৰী বিদ্যুৎ যোগানকাৰী পল্লী বিদ্যুৎ সমিতিয়ে চুবুৰীয়া দেশখনৰ গ্ৰামাঞ্চললৈ বিদ্যুৎ যোগান ধৰে । মুঠ ৮০ খন সমিতিয়ে পোহৰ বিলায় বাংলাদেশৰ অতি দুৰ্গম অঞ্চলত । কিন্তু এতিয়া ঘোৰ আন্ধাৰে গিলিব পাৰে সেই পোহৰক ।

জানিব পৰা মতে, বিগত পাঁচ দিন ধৰি দেশখনৰ বিভিন্ন জিলাৰ পৰা হাজাৰ হাজাৰ পল্লী সমিতিৰ কৰ্মী সমবেত হৈছে ঢাকাৰ কেন্দ্ৰীয় শ্বাহিদ মিনাৰৰ সন্মুখত । সাত দফীয়া দাবীৰ ওপৰত গুৰুত্ব আৰোপ কৰি অব্যাহত আছে তেওঁলোকৰ প্ৰতিবাদ । যাৰ বাবে বিদ্যুৎ সমিতিৰ কাৰ্যালয়ত তলা বন্ধ হৈ আছে । পৰিস্থিতি ইমানেই জটিল হৈ পৰিছে যে প্ৰতিদিনে ঢাকাত প্ৰতিবাদকাৰীৰ সংখ্যা বৃদ্ধি পোৱা বুলি বাংলাদেশী সংবাদ মাধ্যমৰ সূত্ৰই প্ৰকাশ কৰিছে ।

জ্ঞাত সূত্ৰই দাবী কৰিছে যে ২০২৩ চনৰ এক সমীক্ষা অনুসৰি বাংলাদেশৰ ৫৯ শতাংশ জনসংখ্যাই এতিয়াও গাঁৱত বাস কৰে । এনে পৰিস্থিতিত যদি এজন এজনকৈ সকলোৱে ধৰ্মঘট কৰিবলৈ আৰম্ভ কৰে, তেন্তে বিদ্যুৎ বিতৰণত ব্যাঘাত জন্মাৰ সম্ভাৱনা আছে । প্ৰতিবাদকাৰীসকলে কয় যে চৰকাৰৰ কোনেও তেওঁলোকৰ সৈতে এতিয়ালৈকে আলোচনা কৰা নাই । অৱশ্যে বিভিন্ন ৰাজনৈতিক নেতাই আগবাঢ়ি আহি সহানুভূতি প্ৰকাশ কৰিছে । মূলতঃ অস্থায়ী কৰ্মচাৰীক স্থায়ী কৰাৰ দাবী তোলা হৈছে । চাকৰিৰ পৰা বৰ্খাস্ত হোৱা লোকসকলক পুনৰ সংস্থাপিত কৰাকে ধৰি একাধিক দাবীৰে এই আন্দোলন চলোৱা হৈছে । আগন্তুক সময়ত এই প্ৰতিবাদ কোন দিশে যায় সেয়া লক্ষণীয় হ’ব ।