ওৰাং ৰাষ্ট্ৰীয় উদ্যানত বনকৰ্মীৰ গুলীত নিহত চোৰাং চিকাৰী
সূত্ৰ অনুসৰি ৰাষ্ট্ৰীয় উদ্যান খনৰ ৰহমানপুৰ ৰেঞ্জত চোৰাং চিকাৰী সোমোৱাৰ তথ্য লাভ কৰিছিল ৰহমানপুৰ বন সুৰক্ষা শিবিৰৰ বনৰক্ষীয়ে। নিশা এক বজাত বনৰক্ষীৰ দলে অভিযান চলাই থকা অৱস্থাত চোৰাং চিকাৰীৰ দলে বনৰক্ষীলৈ লক্ষ্য কৰি অহৰহ গুলীবৰ্ষণ কৰে ৷
পুৱতি নিশা ওৰাং ৰাষ্ট্ৰীয় উদ্যানত গুলীয়াগুলী। বনকৰ্মী আৰু চোৰাং চিকাৰীৰ মাজত হয় সংঘৰ্ষ। সংঘৰ্ষত নিহত এটা চোৰাং চিকাৰী। জানিব পৰা মতে কেইজনমান সন্দেহজনক লোকক প্ৰত্যক্ষ কৰিছিল বনকৰ্মীয়ে। তাৰ পিছতে নিশা বনৰক্ষী আৰু চোৰাং চিকাৰীৰ মাজত গুলীয়াগুলী আৰম্ভ হয়। ৰাষ্ট্ৰীয় উদ্যানখনৰ ৰহমানপুৰ বন সুৰক্ষা শিবিৰৰ সমীপত সংঘটিত হৈছে এই ঘটনা ৷
সূত্ৰ অনুসৰি ৰাষ্ট্ৰীয় উদ্যান খনৰ ৰহমানপুৰ ৰেঞ্জত চোৰাং চিকাৰী সোমোৱাৰ তথ্য লাভ কৰিছিল ৰহমানপুৰ বন সুৰক্ষা শিবিৰৰ বনৰক্ষীয়ে। নিশা এক বজাত বনৰক্ষীৰ দলে অভিযান চলাই থকা অৱস্থাত চোৰাং চিকাৰীৰ দলে বনৰক্ষীলৈ লক্ষ্য কৰি অহৰহ গুলীবৰ্ষণ কৰে ৷ প্ৰত্যুত্তৰত বনৰক্ষীয়ে গুলীচালনা কৰাত এটা চোৰাং চিকাৰী থিতাতে নিহত হয় ৷ এই পৰ্যন্ত নিহত চোৰাং চিকাৰীটোৰ পৰিচয় উদ্ধাৰ হোৱা নাই ৷ দলটোত ৫-৬ জন লোক থকা বুলি জানিব পৰা গৈছে।