শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পৰা ৰৈ ৰৈ বিনালেৰ মুক্তিলৈ, দিনটোৰ শীৰ্ষ খবৰ

মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পৰা ৰৈ ৰৈ বিনালেৰ মুক্তিলৈ, দিনটোৰ শীৰ্ষ খবৰ

monjit-dutta
Monjit Dutta | Published: 07 Oct 2025 22:45 PM

অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অকাল মৃত্যুৰ শোকত এতিয়াও শোকাহত সমগ্ৰ ৰাজ্য। তাৰ মাজতে আজি গুৱাহাটীত তেওঁৰ অন্তিমখন ছবি 'ৰৈ ৰৈ বিনালে'ৰ শ্বুটিং সম্পন্ন হয়। অহা ৩১ অক্টোবৰত মুক্তি পাবলগীয়া এই ছবিখনৰ শ্বুটিংস্থলীত উপস্থিত হয় প্ৰয়াত শিল্পীগৰাকীৰ পত্নী গৰিমা শইকীয়া গাৰ্গ।

আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় ৩.০ৰ শুভাৰম্ভণি ঘটায়। খানাপাৰাত অনুষ্ঠিত এক বিশেষ অনুষ্ঠানত অৰুণোদয় আঁচনিৰ তৃতীয় সংস্কৰণ মুকলি কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে বহুকেইটা গুৰুত্বপূৰ্ণ ঘোষণা কৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰা মতে অহা ১ নৱেম্বৰৰ পৰা ৰাজ্যবাসীয়ে ৰেচন কাৰ্ডৰ অধীনত বিনামূলীয়া চাউলৰ লগতে দাইল, নিমখ, চেনী আদি সামগ্ৰীও ৰেহাই মূল্যত লাভ কৰিব। ইফালে ২০২৬ চনত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচনত বিজেপি জয়ী হ’লে মিঠাতেলো সুলভ মূল্যত দিয়াৰ প্ৰতিশ্ৰুতি দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে।

অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অকাল মৃত্যুৰ শোকত এতিয়াও শোকাহত সমগ্ৰ ৰাজ্য। তাৰ মাজতে আজি গুৱাহাটীত তেওঁৰ অন্তিমখন ছবি ‘ৰৈ ৰৈ বিনালে’ৰ শ্বুটিং সম্পন্ন হয়। অহা ৩১ অক্টোবৰত মুক্তি পাবলগীয়া এই ছবিখনৰ শ্বুটিংস্থলীত উপস্থিত হয় প্ৰয়াত শিল্পীগৰাকীৰ পত্নী গৰিমা শইকীয়া গাৰ্গ। সংবাদ মাধ্যৰ সৈতে বাৰ্তালাপৰ সময়ত তেওঁ জুবিন গাৰ্গৰ ন্যায়ৰ দাবী কৰে।