শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
Aadhaar Card: মাত্ৰ কেইটামান দিন বাকী, ৩১ ডিচেম্বৰৰ ভিতৰত এই কাম নকৰিলে নিষ্ক্ৰিয় হ’ব পান কাৰ্ড

Aadhaar Card: মাত্ৰ কেইটামান দিন বাকী, ৩১ ডিচেম্বৰৰ ভিতৰত এই কাম নকৰিলে নিষ্ক্ৰিয় হ’ব পান কাৰ্ড

manas-borah
Manas Borah | Published: 24 Dec 2025 22:01 PM

যদি আপোনাৰ পান নিষ্ক্ৰিয় হৈ পৰে তেন্তে আপুনি কেৱল ১০০০ টকা জৰিমনা ভৰিবলগীয়া হোৱাই নহয়, আপোনাৰ আৰ্থিক লেনদেনত সমস্যাৰ সন্মুখীন হ’ব। আয়কৰ ৰিটাৰ্ণ দাখিল কৰিব নোৱাৰিব, ৰিফাণ্ড ব্লক হ’ব পাৰে।

মাজত মাত্ৰ কেইদিনমান বাকী। ২০২৫ চনৰ ৩১ ডিচেম্বৰৰ ভিতৰত যদি আপুনি আপোনাৰ পান আৰু আধাৰ লিংক নকৰে তেন্তে আপুনি ডাঙৰ বিপদত পৰিব পাৰে। Central Board of Direct Taxes বা CBDT য়ে স্পষ্ট কৰি দিছে যে, ২০২৬ চনৰ ১ জানুৱাৰীৰ পৰা আধাৰ সৈতে লিংক নকৰা পান কাৰ্ড সম্পূৰ্ণৰূপে ‘নিষ্ক্ৰিয়’ হৈ পৰিব।

যদি আপোনাৰ পান নিষ্ক্ৰিয় হৈ পৰে তেন্তে আপুনি কেৱল ১০০০ টকা জৰিমনা ভৰিবলগীয়া হোৱাই নহয়, আপোনাৰ আৰ্থিক লেনদেনত সমস্যাৰ সন্মুখীন হ’ব। আয়কৰ ৰিটাৰ্ণ দাখিল কৰিব নোৱাৰিব, ৰিফাণ্ড ব্লক হ’ব পাৰে। বেংকৰ কে ৱাই চি, মিউচুৱেল ফাণ্ড বা ঋণৰ আবেদন নাকচ হ’ব পাৰে। দৰমহা বা এছআইপিৰ দৰে অ’ট-ডেবিট লেনদেন ব্লক হোৱাৰ সম্ভাৱনা আছে। TDS আৰু TCS অতি উচ্চ হাৰত কৰ্তন কৰা হ’ব।

প্ৰবাসী ভাৰতীয়, ৮০ বছৰৰ ওপৰৰ জ্যেষ্ঠ নাগৰিক আৰু অসম, জম্মু-কাশ্মীৰ আৰু মেঘালয়ৰ বাসিন্দাৰ বাবে এই নিয়ম বাধ্যতামূলক নহয়।

নাম বা তথ্যত ভুল হ’লে কি কৰিব?

কেতিয়াবা নাম বা জন্ম তাৰিখৰ ভুলৰ বাবে লিংক কৰাত সমস্যা হয়। তেনে ক্ষেত্ৰত প্ৰথমে UIDAI পৰ্টেলত NSDL/UTIITSL ৰ জৰিয়তে আধাৰ আৰু PAN তথ্য শুধৰণি কৰক। তাৰ পিছত লিংক কৰাৰ বাবে আবেদন কৰক।

কেনেকৈ লিংক কৰিব?

অনলাইনঃ আয়কৰ বিভাগৰ ই-ফাইলিং পৰ্টেলত গৈ ‘Link Aadhaar’ বিকল্পত ক্লিক কৰক।

SMS: আপোনাৰ পঞ্জীয়নভুক্ত মোবাইলৰ পৰা UIDPAN<12 digit Aadhaar><10 digit PAN> লিখক আৰু 567678 বা 56161 নম্বৰত প্ৰেৰণ কৰক।

যিকোনো সমস্যা লাঘৱ কৰিবলৈ আজিয়ে আপোনাৰ ষ্টেটাছ পৰীক্ষা কৰক। নতুন বছৰত আৰ্থিক চাপৰ মুক্ত হৈ থাকিবলৈ আজিয়ে কৰক এই কাম।