India Pakistan War Tension: পাকিস্তানৰ গোলাবৰ্ষণ, উৰী চেক্টৰত কি পৰিস্থিতি?
LoC ৰ সমীপৰ উৰী চেক্টৰটো ধাৰাবাহিকভাৱে পাকিস্তানৰ দিশৰ পৰা যুদ্ধ বিৰতি উলংঘা কৰাৰ অভিযোগ উত্থাপন হৈছে । ইয়াৰ মাজতে যোৱা নিশা পাকিস্তানৰ দিশৰ পৰা হোৱা গোলাবৰ্ষণৰ ফলত এখন দোকানৰ কি অৱস্থা হ'ল চাওক ।
বৃহস্পতিবাৰে নিশা পাকিস্তানে ড্ৰোন আৰু মিছাইলেৰে ভাৰতক আক্ৰমণৰ লক্ষ্য লোৱাৰ লগতে সীমান্ততো পাকিস্তানৰ দিশৰ পৰা ধাৰাষাৰ গোলাবৰ্ষণ হোৱাৰ খবৰ লাভ কৰা গৈছিল । LoC ৰ সমীপৰ উৰী চেক্টৰটো ধাৰাবাহিকভাৱে পাকিস্তানৰ দিশৰ পৰা যুদ্ধ বিৰতি উলংঘা কৰাৰ অভিযোগ উত্থাপন হৈছে । ইয়াৰ মাজতে যোৱা নিশা পাকিস্তানৰ দিশৰ পৰা হোৱা গোলাবৰ্ষণৰ ফলত এখন দোকানৰ কি অৱস্থা হ’ল চাওক । ভিডিঅ’ টোত দেখা গৈছে যে, দোকানখনৰ সামগ্ৰীসমূহ প্ৰায়ে ভস্মীভূত হয় । ভস্মীভূত সামগ্ৰীবোৰৰ পৰা ধোৱা ওলাই থকা দেখা গৈছে । ছেদেলিভেদেলি হৈ পৰি আছে দোকানখনৰ সামগ্ৰীসমূহ । কোৱা হৈছে যে, সাধাৰণ নাগৰিকক লক্ষ্য কৰি যোৱা ৰাতি পাকিস্তানৰ দিশৰ পৰা ধাৰাষাৰ গোলাবৰ্ষণ কৰে ।
Latest Videos
কাৰ্বিভূমিৰ উত্তেজনাৰ পৰা দিল্লীৰ প্ৰতিবাদলৈ দিনটোৰ শীৰ্ষ খবৰ
আপুনি নজনাকৈয়ে WhatsApp হেক হৈছে নেকি! হেকাৰে পেলাইছে নতুন ফান্দ
ৰাতিপুৱাই পুলিচৰ ওচৰলৈ দৌৰি গ’ল উৰ্ফি জাভেদ! হঠাৎ কি হ’ল?
ভাৰতত থকা ৩টা ভিছা কেন্দ্ৰ বন্ধৰ সিদ্ধান্ত বাংলাদেশৰ...
