শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
সংস্কৃতত গীতা-মহাভাৰতৰ শ্লোক আওৰাইছে পাকিস্তানৰ শিক্ষাৰ্থীয়ে

সংস্কৃতত গীতা-মহাভাৰতৰ শ্লোক আওৰাইছে পাকিস্তানৰ শিক্ষাৰ্থীয়ে

Raj Saikia
Raj Saikia | Published: 13 Dec 2025 19:49 PM

কেৱল তিনিমহীয়া কৰ্মশালা নহয়, পাকিস্তানৰ বিশ্ববিদ্যালয়সমূহত এতিয়া পূৰ্ণাংগ পাঠ্যক্ৰম হিচাপে পাঠদান কৰা হ’ব সংস্কৃত। ছাত্ৰ-ছাত্ৰী আৰু শিক্ষাবিদৰ পৰা ব্যাপক সঁহাৰি পোৱাৰ পিছতে লোৱা হৈছে এই সিদ্ধান্ত।

পাকিস্তানৰ ইতিহাসত নজিৰবিহীন ঘটনা। দেশ বিভাজনৰ পিছত প্ৰথমবাৰৰ বাবে পাকিস্তানী শ্ৰেণীকোঠাত কৰা হৈছে সংস্কৃতৰ পাঠদান। মহাভাৰত-ভাগৱতৰ শ্লোক আবৃত্তি কৰিছে পাকিস্তানী ছাত্ৰ-ছাত্ৰীসকলে। মহাভাৰত ধাৰাবাহিক ‘হ্যে কথা সংগ্ৰাম কি’ৰ শীৰ্ষ সংগীতটিও শুনা গৈছে উৰ্দু ভাষাত। লাহোৰ ইউনিভাৰ্চিটি অৱ মেনেজমেণ্ট ছায়েন্সে গ্ৰহণ কৰিছে এই ঐতিহাসিক পদক্ষেপ।

কেৱল তিনিমহীয়া কৰ্মশালা নহয়, পাকিস্তানৰ বিশ্ববিদ্যালয়সমূহত এতিয়া পূৰ্ণাংগ পাঠ্যক্ৰম হিচাপে পাঠদান কৰা হ’ব সংস্কৃত। ছাত্ৰ-ছাত্ৰী আৰু শিক্ষাবিদৰ পৰা ব্যাপক সঁহাৰি পোৱাৰ পিছতে লোৱা হৈছে এই সিদ্ধান্ত। ২০২৭ চনৰ ভিতৰত সংস্কৃতক বাৰ্ষিক পাঠ্যক্ৰম হিচাপে গঢ়ি তোলাৰ পৰিকল্পনা কৰা হৈছে।

পাকিস্তানত সংস্কৃতক পুনৰুজ্জীৱিত কৰাৰ উদ্যোগ লৈছিল অধ্যাপক শ্বাহিদ ৰছিদে। তেওঁ ফৰ্মান খ্ৰীষ্টান কলেজত সমাজবিজ্ঞানৰ অধ্যাপনা কৰে। তেওঁৰ মতে এই পদক্ষেপটো সৰু হ’লেও অতি গুৰুত্বপূৰ্ণ। সংস্কৃতে দক্ষিণ এছিয়াৰ দৰ্শন আৰু সাহিত্যক গঢ় দিছে, গতিকে এই ভাষাটো অতি গুৰুত্বসহকাৰে অধ্যয়ন কৰা উচিত।