শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
থমকিল হোমবাউণ্ডৰ অস্কাৰ যাত্ৰা, প্ৰযোজক কৰণ জোহৰে দিলে এনে বাৰ্তা

থমকিল হোমবাউণ্ডৰ অস্কাৰ যাত্ৰা, প্ৰযোজক কৰণ জোহৰে দিলে এনে বাৰ্তা

Monjit Dutta
Monjit Dutta | Updated On: 24 Jan 2026 22:33 PM

অস্কাৰৰ পৰা বিদায় লোৱাৰ পাছত প্ৰযোজক কৰণ জোহৰে আৱেগিক পোষ্টযোগে ছবিখনৰ বাবে গৌৰৱ ব্যক্ত কৰে। পৰিচালক নীৰজ ঘেৱানেও কৰণ জোহৰৰ সমৰ্থনৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰে।

২০২৬ চনৰ অস্কাৰৰ ‘শ্ৰেষ্ঠ আন্তৰ্জাতিক ফিচাৰ ফিল্ম’ বিভাগত চূড়ান্ত মনোনয়ন লাভ কৰাত ব্যৰ্থ হ’ল ভাৰতীয় ছবি ‘হোমবাউণ্ড’। ১৫ খন ছবিৰ চুটি তালিকাত স্থান লাভ কৰিলেও শেষ পাঁচখনৰ তালিকাত পৰিচালক নীৰজ ঘেৱানৰ এই ছবিখন অন্তৰ্ভুক্ত নহ’ল। ধৰ্ম প্ৰডাকচনৰ বেনাৰত আৰু মাৰ্টিন স্কোৰচেছিৰ কাৰ্যবাহী প্ৰযোজনাত নিৰ্মিত এই ছবিখনত বিশাল জেঠৱা, ঈশান খট্টৰ আৰু জাহ্নৱী কাপুৰে অভিনয় কৰিছে। উত্তৰ ভাৰতৰ পটভূমিত নিৰ্মিত ছবিখনত জাতিভেদৰ বলি হোৱা দুই বন্ধুৰ আৰক্ষী হোৱাৰ সপোন আৰু সামাজিক মৰ্যাদাৰ যুঁজখন দৰ্শোৱা হৈছে।

অস্কাৰৰ পৰা বিদায় লোৱাৰ পাছত প্ৰযোজক কৰণ জোহৰে আৱেগিক পোষ্টযোগে ছবিখনৰ বাবে গৌৰৱ ব্যক্ত কৰে। পৰিচালক নীৰজ ঘেৱানেও কৰণ জোহৰৰ সমৰ্থনৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰে। অস্কাৰ লাভ নকৰিলেও ‘হোমবাউণ্ড’ ভাৰতীয় চিনেমাৰ এক অনন্য সৃষ্টি হিচাপে স্বীকৃত হৈছে।