শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
অনলাইন বেংকিঙত দেখা যাব নতুন ব্যৱস্থা, প্ৰতিক্ষণে থাকিব RBIৰ নজৰ!

অনলাইন বেংকিঙত দেখা যাব নতুন ব্যৱস্থা, প্ৰতিক্ষণে থাকিব RBIৰ নজৰ!

monjit-dutta
Monjit Dutta | Published: 02 Dec 2025 23:30 PM

লক্ষণীয়ভাৱে পূৰ্বৰ নিয়মৰ আধাৰত এসপ্তাহৰ পৰা এবছৰ সময়ৰ ভিতৰত ৰিজাৰ্ভ বেংক এনে লেনদেনৰ তথ্য লাভ কৰিছিল। কিন্তু নতুন ব্যৱস্থা আৰম্ভ হোৱাৰ পিছত এতিয়া প্ৰতিটো মুহূৰ্ততে লেনদেনৰ ওপৰত ৰিজাৰ্ভ বেংকৰ দৃষ্টি নিবদ্ধ হৈ থাকিব।

সাম্প্ৰতিক সময়ত অনলাইন বেংকিং ব্যৱস্থা দেশৰ সৰ্বস্তৰত উপলব্ধ হৈ পৰিছে। নিশ্চিতভাৱে আপুনিও এতিয়া আৰ্থিক লেনদেনৰ নেট বেংকিং সেৱা গ্ৰহণ কৰে। পিছে নেট বেংকিঙৰ ক্ষেত্ৰত এতিয়া এক গুৰুত্বপূৰ্ণ ব্যৱস্থা প্ৰৱৰ্তন হোৱাৰ দিশে। একপ্ৰকাৰে বৃহৎ পৰিৱৰ্তন ঘটিব নেট বেংকিঙৰ ক্ষেত্ৰত। ইয়াৰ ফলশ্ৰুতিত এতিয়া আপোনাৰ আৰ্থিক লেনদেনৰ ওপৰত প্ৰতি ক্ষণতে দৃষ্টি নিবদ্ধ হ’ব ভাৰতীয় ৰিজাৰ্ভ বেংক, চমুকৈ RBIৰ। লক্ষণীয়ভাৱে পূৰ্বৰ নিয়মৰ আধাৰত এসপ্তাহৰ পৰা এবছৰ সময়ৰ ভিতৰত ৰিজাৰ্ভ বেংক এনে লেনদেনৰ তথ্য লাভ কৰিছিল।

কিন্তু নতুন ব্যৱস্থা আৰম্ভ হোৱাৰ পিছত এতিয়া প্ৰতিটো মুহূৰ্ততে লেনদেনৰ ওপৰত ৰিজাৰ্ভ বেংকৰ দৃষ্টি নিবদ্ধ হৈ থাকিব। এই বৃহৎ পৰিৱৰ্তন দেখা যাব NCPI Bharat Bill Pay আৰু NBBL- ৰ নতুন প্লেটফৰ্ম ‘বেংকিং কানেক্ট’ মুকলিৰ ফলশ্ৰুতিত। এই বিষয়ে সবিশেষ জানিবলৈ চাওক ভিডিঅ’…