শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
নাবালিকা কন্যাৰ সৈতে পিতৃৰ জঘন্য কাণ্ড! ৰে'লৰ শৌচাগাৰত পেলাই থৈ গ'ল...

নাবালিকা কন্যাৰ সৈতে পিতৃৰ জঘন্য কাণ্ড! ৰে’লৰ শৌচাগাৰত পেলাই থৈ গ’ল…

trishna-kalita
Trishna Kalita | Published: 09 Jul 2025 20:50 PM

সংবাদ সংস্থা এএনআইয়ে প্ৰকাশ কৰা অনুসৰি বিগত ২২ জুনত নৱজাতকটিৰ জন্ম হৈছিল। পৰিয়ালৰ সদস্যই নাবালিকাগৰাকীক চিকিৎসাৰ বাবে বিহাৰৰ পৰা দিল্লীলৈ লৈ গৈছিল। সেই সময়তে বাৰাণসীৰ সমীপত ৰে’লৰ শৌচাগাৰত নাবালিক ছোৱালীজনীয়ে জন্ম দিলে এটি সন্তান।

উত্তৰ প্ৰদেশৰ মোৰাদাবাদত ৰে’লৰ শৌচাগাৰত উদ্ধাৰ নৱজাতক। শৌচাগাৰত এটা বেগত ভৰাই থোৱা আছিল শিশুটি। কোনে আৰু কিয় শিশুটিক এনেদৰে এৰি থৈ গ’ল? এই প্ৰশ্নৰ উত্তৰ বিচাৰি আৰক্ষীয়ে আৰম্ভ কৰে অভিযান। মোৰাদাবাদত উদ্ধাৰ হোৱা নৱজাতকৰ পিতৃ-মাতৃক বিচাৰি বিহাৰত উপস্থিত হয় আৰক্ষী। তাৰ পিছতে পোহৰলৈ আহিল এক জঘন্য় ঘটনা। শিশুটিৰ মাতৃ এগৰাকী নাবালিকা । পিতৃৰ কামনাৰ বলি হৈ অকাল মাতৃত্ব বোজা বহন কৰিবলগীয়া হ’ল এইগৰাকী নাবালিকাই।

সংবাদ সংস্থা এএনআইয়ে প্ৰকাশ কৰা অনুসৰি বিগত ২২ জুনত নৱজাতকটিৰ জন্ম হৈছিল। পৰিয়ালৰ সদস্যই নাবালিকাগৰাকীক চিকিৎসাৰ বাবে বিহাৰৰ পৰা দিল্লীলৈ লৈ গৈছিল। সেই সময়তে বাৰাণসীৰ সমীপত ৰে’লৰ শৌচাগাৰত নাবালিক ছোৱালীজনীয়ে জন্ম দিলে এটি সন্তান। ইয়াৰ পিছতে পৰিয়ালটোৱে নৱজাত শিশুটিক এটা বেগত ভৰাই আন এখন ৰে’লৰ শৌচাগাৰত থৈ যায়।