শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
পুনৰ ফাঁট মেলিছে ভাৰত-কানাডাৰ সম্পৰ্কতঃ উত্থাপন হৈছে এনে অভিযোগ-প্ৰতি অভিযোগ

পুনৰ ফাঁট মেলিছে ভাৰত-কানাডাৰ সম্পৰ্কতঃ উত্থাপন হৈছে এনে অভিযোগ-প্ৰতি অভিযোগ

Monjit Dutta
Monjit Dutta | Published: 30 Jan 2025 23:46 PM

ভাৰত আৰু কানাডাৰ মাজত পুনৰ সৃষ্টি হৈছে সংঘাতৰ। ভাৰতৰ বিৰুদ্ধে কানাডাই দেশখনৰ নিৰ্বাচনত হস্তক্ষেপ কৰাৰ অভিযোগ উত্থাপন কৰিছে। আনহাতে ভাৰতে কানাডাৰ অভিযোগ সজোৰে নাকচ কৰাই নহয়, কানাডাইহে ভাৰতৰ আভ্যন্তৰীণ পৰিক্ৰমাত হস্তক্ষেপ কৰিছে বুলি প্ৰতি অভিযোগ তুলিছে।

ভাৰত আৰু কানাডাৰ মাজত পুনৰ সৃষ্টি হৈছে সংঘাতৰ। দুয়োখন ৰাষ্ট্ৰৰ মাজত এইবাৰ অভিযোগ-প্ৰতি অভিযোগ উত্থাপন হোৱা দেখিবলৈ পোৱা গৈছে। ইতিপূৰ্বে খালিস্তানী উগ্ৰপন্থী হৰদীপ সিং নিজ্জাৰ হত্যাক কেন্দ্ৰ কৰি ভাৰত আৰু কানাডাৰ সম্পৰ্কত অৱক্ষয় ঘটিছিল। এতিয়া ভাৰতৰ বিৰুদ্ধে কানাডাই দেশখনৰ নিৰ্বাচনত হস্তক্ষেপ কৰাৰ অভিযোগ উত্থাপন কৰিছে। কানাডাৰ ফ’ৰেইন ইণ্টাৰফেৰেঞ্চ কমিচনে শেহতীয়াকৈ প্ৰকাশ কৰা এক প্ৰতিবেদনত দেশখনৰ নিৰ্বাচনত চীনৰ পিছতে ভাৰতে অধিক সক্ৰিয় ভূমিকা লয় বুলি দাবী কৰিছিল।

ভাৰতে কানাডাৰ অভিযোগ সজোৰে নাকচ কৰাই নহয়, কানাডাইহে ভাৰতৰ আভ্যন্তৰীণ পৰিক্ৰমাত হস্তক্ষেপ কৰিছে বুলি প্ৰতি অভিযোগ তুলিছে। ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এক বিবৃতি প্ৰকাশ কৰি কানাডাই অবৈধ অনুপ্ৰৱেশ আৰু সংগঠিত অপৰাধৰ পৰিৱেশ সৃষ্টি কৰাৰ অভিযোগ তুলি এনে কাৰ্য বন্ধ কৰাৰ দাবী তুলিছে।