RBI New Note: শীঘ্ৰে বজাৰলৈ আহি আছে ২০ টকীয়া নতুন নোট, কি হ’ব পুৰণি নোটসমূহ?

| Edited By: Monjit Dutta

May 18, 2025 | 11:21 PM

RBI এ কয় যে, এই ২০ টকীয়া নতুন নোটৰ ডিজাইন হুবহু মহাত্মা গান্ধী ছিৰিজৰ পুৰণি নোটৰ দৰেই হ’ব। মাথোঁ সলনি হ'ব গৱৰ্ণৰৰ স্বাক্ষৰ। অৱশ্যে পূৰ্বৰ নোটৰ লগত ইয়াৰ মিল নাথাকিব। গ্ৰাহকসকলে নোটসমূহ চিনি পোৱা আৰু ব্যৱহাৰৰ সুবিধাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে।

শনিবাৰে ভাৰতীয় ৰিজাৰ্ভ বেংকে ঘোষণা কৰে যে শীঘ্ৰে বজাৰত নতুন ২০ টকীয়া নোট মুকলি কৰা হ’ব। মহাত্মা গান্ধী থকা এই নোটত স্বাক্ষৰ কৰিব আৰ বি আইৰ নতুন গৱৰ্ণৰ সঞ্জয় মালহোত্ৰাই।

RBI এ কয় যে, এই ২০ টকীয়া নতুন নোটৰ ডিজাইন হুবহু মহাত্মা গান্ধী ছিৰিজৰ পুৰণি নোটৰ দৰেই হ’ব। মাথোঁ সলনি হ’ব গৱৰ্ণৰৰ স্বাক্ষৰ। অৱশ্যে পূৰ্বৰ নোটৰ লগত ইয়াৰ মিল নাথাকিব। গ্ৰাহকসকলে নোটসমূহ চিনি পোৱা আৰু ব্যৱহাৰৰ সুবিধাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে।

নতুন ২০ টকীয়া নোট প্ৰৱৰ্তন হ’লেও পুৰণি নোটসমূহ বাতিল কৰা নহয়। যিসকলৰ পুৰণি ২০ টকীয়া নোট আছে তেওঁলোকে চিন্তা কৰাৰ কোনো কাৰণ নাই। এই নোটসমূহ চলি থাকিব আৰু ব্যৱহাৰত কোনো সমস্যা নহ’ব। বৰ্তমান ২০ টকীয়া নোটখনেই সৰ্বাধিক ব্যৱহৃত নোট।