টি-২০ ত ৪০০ পাৰ, ধোনীৰ আগে-পাছে কোন কোন আছে এই মাইলৰ খুঁটিত

Apr 26, 2025 | 11:42 PM

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটক বিদায় জনালেও ক্ৰিকেটৰ এই মহাতাৰকাগৰাকীয়ে এতিয়াও খেলি আছে আই পি এল। এনেদৰে ৪৩ বছৰ বয়সতো অব্যাহত ৰখা যাত্ৰাৰ সুবাদতে ধোনীয়ে স্পৰ্শ কৰিছে এক নতুন মাইলষ্ট’ন।

মহেন্দ্ৰ সিং ধোনী- কেৱল ভাৰতীয় ক্ৰিকেট বুলিয়েই বুলিয়েই নহয়, সমগ্ৰ ক্ৰিকেট বিশ্বতে এগৰাকী অন্যৰম শ্ৰেষ্ঠ অধিনায়ক হিচাপে স্বীকৃত তেওঁ। ভাৰতীয় ক্ৰিকেটে তেওঁৰ নেতৃত্বত লাভ কৰিছে তিনিটাকৈ আইচিচি ট্ৰফী। একেদৰে চেন্নাই চুপাৰ কিংছক তেওঁ প্ৰদান কৰিছে ৫টাকৈ আই পি এল ট্ৰফী। অধিনায়ক হিচাপে সেয়া তেওঁৰ অনন্য কৃতিত্ব। ইয়াৰ সমান্তৰালকৈ এগৰাকী খেলুৱৈ হিচাপেও বন্দিত ধোনী। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটক বিদায় জনালেও ক্ৰিকেটৰ এই মহাতাৰকাগৰাকীয়ে এতিয়াও খেলি আছে আই পি এল। এনেদৰে ৪৩ বছৰ বয়সতো অব্যাহত ৰখা যাত্ৰাৰ সুবাদতে ধোনীয়ে স্পৰ্শ কৰিছে এক নতুন মাইলষ্ট’ন।

আই পি এল ২০২৫ৰ মাজতে নিজৰ দীঘলীয়া কেৰিয়াৰত ভাৰতীয় দল আৰু ফ্ৰেন্সাইজি ক্ৰিকেটৰ দ্বাৰা ৪০০ খন টি-২০ মেচ খেলাৰ কৃতিত্ব অৰ্জন কৰে ধোনীয়ে। অৱশ্যে ৪০০ মেচৰ এই গৌৰৱৰ উপলক্ষ মাহিৰ বাবে সুখকৰ নহ’ল। চেপ’কত অনুষ্ঠিত এই মেচখনত ধোনী নেতৃত্বাধীন চেন্নাই হায়দৰাবাদৰ বিপক্ষে পৰাজয়ৰ সন্মুখীন হয়।