Indian Railway: ৰে’লৱেৰ বহু বিনামূলীয়া সেৱাৰ বিষয়ে নাজানে অধিকাংশ যাত্ৰীয়ে
ভাৰতীয় ৰে’লৱে বিভিন্ন ষ্টেচনত ক্ল’কৰুম আৰু লকাৰ ৰুমৰ সুবিধা দিয়া। য’ত যাত্ৰীসকলে নিজৰ সকলো বস্তু সৰ্বাধিক এমাহৰ বাবে জমা কৰিব পাৰে। এই সেৱা লাভ কৰিবলৈ একেবাৰে কম মাচুলৰ প্ৰয়োজন হয়।
ভাৰতীয় ৰে’লৱে বিশ্বৰ অন্যতম বৃহৎ ৰে’ল নেটৱৰ্ক। প্ৰতিদিনে লাখ লাখ যাত্ৰীয়ে ৰে’লযোগে যাত্ৰা কৰে। যাত্ৰীৰ সুবিধাৰ কথা মনত ৰাখি ৰে’লৱেই বিভিন্ন বিনামূলীয়া সেৱা আগবঢ়ায়। অৱশ্যে এই বিনামূলীয়া সেৱাৰ বিষয়ে বহুতে জ্ঞাত। দীৰ্ঘ দূৰত্বৰ ৰে’লত যাত্ৰাৰ সময়ত এই সেৱাসমূহ আপুনিও লাভ কৰিব পাৰে।
ভাৰতীয় ৰে’লৱেৰ এই সুবিধাসমূহৰ উদ্দেশ্য হৈছে যাত্ৰীসকলৰ যাত্ৰা সহজ আৰু আৰামদায়ক কৰা। যদি কোনো যাত্ৰীয়ে এই সেৱাসমূহ নাপায়, তেন্তে ৰে’লৱে হেল্পলাইনত অভিযোগ কৰি প্ৰয়োজনীয় সহায় ল’ব পাৰে।
Latest Videos