শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
PF একাউণ্টধাৰীলৈ কেন্দ্ৰই আনিছে সুখবৰঃ এতিয়াৰ পৰা পাব এনে সুবিধা

PF একাউণ্টধাৰীলৈ কেন্দ্ৰই আনিছে সুখবৰঃ এতিয়াৰ পৰা পাব এনে সুবিধা

Monjit Dutta
Monjit Dutta | Published: 05 Apr 2025 22:20 PM

এমপ্লয়ীজ প্ৰভিডেন্ট ফাণ্ড অৰ্গেনাইজেচনত পি এফ একাউণ্ট থকা ব্যক্তিগত খণ্ডত নিয়োজিত কৰ্মচাৰীসকলৰ বাবে আহিছে এক সুখবৰ। কেন্দ্ৰীয় চৰকাৰে পি এফ একাউণ্ট সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে।

এমপ্লয়ীজ প্ৰভিডেন্ট ফাণ্ড অৰ্গেনাইজেচনত পি এফ একাউণ্ট থকা ব্যক্তিগত খণ্ডত নিয়োজিত কৰ্মচাৰীসকলৰ বাবে আহিছে এক সুখবৰ। কেন্দ্ৰীয় চৰকাৰে পি এফ একাউণ্ট সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে। কেন্দ্ৰৰ এই ঘোষণা অনুসৰি এতিয়া প্ৰভিডেণ্ট ফাণ্ডৰ দাবী নিষ্পত্তি প্ৰক্ৰিয়াত দুটা পৰিৱৰ্তন দেখা যাব। এই সিদ্ধান্ত অনুসৰি এতিয়া কৰ্মচাৰীসকলৰ পি এফৰ দাবী নিষ্পত্তি প্ৰক্ৰিয়া পূৰ্বতকৈ ক্ষিপ্ৰ হ’ব আৰু দাবী প্ৰত্যাখ্যানৰ সংখ্যাও পূৰ্বৰ তুলনাত হ্ৰাস পাব। তদুপৰি কৰ্মচাৰীসকলে এতিয়াৰ পৰা নাম পৰীক্ষণৰ সময়ত বাতিল চেক বা বেংকৰ পাছবুকৰ ছবি আপলোড কৰাৰো কোনো প্ৰয়োজন নহ’ব।

ইফালে বেংক একাউণ্টৰ সৈতে ইউনিভাৰ্চেল একাউণ্ট নম্বৰ (UAN) সংযোগ কৰাৰ প্ৰক্ৰিয়াও সহজ কৰি তুলিছে কেন্দ্ৰই। অৰ্থাৎ এতিয়া কৰ্মচাৰীসকলে পূৰ্বৰ তুলনাত সহজেই পি এফ একাউণ্টৰ পৰা ধন উলিয়াব পাৰিব।