শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
বন্ধ কোঠাত ৮৮ মিনিটীয়া বৈঠকত কি আলোচনা কৰিলে মোদী-শ্বাহ-ৰাহুলে?

বন্ধ কোঠাত ৮৮ মিনিটীয়া বৈঠকত কি আলোচনা কৰিলে মোদী-শ্বাহ-ৰাহুলে?

raj-saikia
Raj Saikia | Published: 11 Dec 2025 19:38 PM

এখন টেবুল, তিনিখন চকী। বহি আছে দেশৰ ৰাজনীতিৰ তিনিখন পৰিচিত মুখ। ইয়াৰে দুজন একেটা মেৰুৰ, আনজন অন্য এক পক্ষৰ। যাক লৈ নতুন দিল্লীৰ লগতে দেশৰ চুকে-কোণে আলোচনা চলি থাকে। এই তিনি নেতা হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ আৰু লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী।

বুধবাৰে দিনৰ ১ বজাত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত উপস্থিত হয় ৰাহুল গান্ধী। দিনৰ ১:০৭ বজাৰ পৰা আৰম্ভ হয় বৈঠক। ৮৮ মিনিটৰ অন্তত বিৰোধী দলৰ নেতাগৰাকী প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ পৰা ওলাই যায়। কিন্তু ইমান সময়ত প্ৰকৃততে কি কি আলোচনা হৈছিল? ৰাষ্ট্ৰীয় সংবাদ মাধ্যম এনডিটিভিৰ এক প্ৰতিবেদন অনুসৰি কেন্দ্ৰীয় তথ্য আয়ুক্ত, আঠজন তথ্য আয়ুক্ত আৰু ভিজিলেন্স আয়ুক্তক নিযুক্তি দিয়াত ৰাহুল গান্ধীয়ে আপত্তি প্ৰকাশ কৰিছে। ইয়াৰ সমান্তৰালকৈ তেওঁ নিজৰ বিবৃতিও লিখিতভাৱে দাখিল কৰিছে। অৱশ্যে এই সন্দৰ্ভত এতিয়ালৈকে কোনো আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰা হোৱা নাই।

মন কৰিবলগীয়া যে মোদীৰ শাসনকালত পৰিৱর্তিত আইন অনুসৰি মুখ্য নির্বাচন আয়ুক্ত আৰু নির্বাচন আয়ুক্ত নিযুক্তিৰ কমিটীত প্রধানমন্ত্রী, এজন প্রধানমন্ত্রীৰ দ্বাৰা মনোনীত মন্ত্রী আৰু লোকসভাৰ বিৰোধী দলৰ নেতা থাকিব ৷ প্ৰধানমন্ত্ৰীয়ে কমিটীৰ বৈঠক আহ্বান কৰিব। সেই বৈঠকত গ্ৰহণ কৰা নামসমূহ ৰাষ্ট্ৰপতিলৈ প্ৰেৰণ কৰা হ’ব। তাৰ পিছত ৰাষ্ট্ৰপতিয়ে তেওঁলোকক নিযুক্তি দিব।